পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন এজন যুৱক

নিউজ ডেস্ক, ১৭ জুলাই : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে নদীৰ বুকুত সন্ধানহীন হোৱাৰ ঘটনা।
পুনৰ দেওবাৰে মহানগৰীৰ ব্ৰহ্মপুত্ৰ নদীত কৰুণভাৱে সন্ধানহীন এজন যুৱক ।
বাতৰি অনুসৰি, দুজন বন্ধুৰ সৈতে আজি আবেলি নদীত গা ধুবলৈ গৈছিল ধীৰাজ ডেকা।
ধীৰাজৰ এজন বন্ধুৱে তেওঁক ডুব যোৱাৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টাও কৰিছিল। কিন্তু তেওঁও ডুবিবলৈ আৰম্ভ কৰাৰ বাবে কেনেবাকৈ বাঁহৰ সহায়ত নদীৰ পাৰত উপস্থিত হয়।
আনহাতে, ঘটনাটোৰ পিছত আৰক্ষী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF) ঘটনাস্থলীত উপস্থিত হয় কিন্তু বৰ্তমান সময়লৈকে উদ্ধাৰ হোৱা যুৱকজনৰ মৃতদেহ।