Local, Vocal, Global

বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰিছে এগৰাকী মহিলা আৰু আঘাতপ্ৰাপ্ত হৈছে তেওঁৰ স্বামী

নিউজ ডেস্ক, ৩১ জুলাই : গোলাঘাট জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰিছে এগৰাকী মহিলা আৰু আঘাতপ্ৰাপ্ত হৈছে তেওঁৰ স্বামী ।

মৃতব্যক্তিজনক Bokialৰ বাসিন্দা চিম্পি মিচং ( Simpi Misong) বুলি চিনাক্ত কৰা হৈছে।

খবৰ অনুসৰি, মহিলাগৰাকীয়ে যেতিয়া এখন বোৰ্ডৰ লাইট জ্বলাবলৈ চেষ্টা কৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈছিল আৰু তেওঁৰ স্বামী ডেবোকান্ত মিচং (Debokanta Misong) তেওঁৰ পত্নীক বচাবলৈ চেষ্টা কৰাৰ সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

পৰৱৰ্তী সময়ত দুয়োজন ব্যক্তিক স্থানীয় লোকে চিকিৎসাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসকসকলে চিম্পিক চিকিৎসালয়ত মৃত ঘোষণা কৰে।

সম্প্ৰতি, ডেবোকান্তৰ চিকিৎসা চলি আছে আৰু চিকিৎসকসকলে কৈছে যে তেওঁৰ অৱস্থা এতিয়া সুস্থিৰ হৈ আছে।

আনহাতে, মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে চিকিৎসালয়ত ৰখা হৈছে।