Local, Vocal, Global

এক শোকাৱহ ঘটনাই জোঁকাৰি গ’ল সুঁতিৰপাৰ

নিউজ ডেস্ক : শুকুৰবাৰে অসমৰ নগাঁও জিলাৰ অন্তৰ্গত জুৰিয়াৰ জুটিৰপাৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। পুখুৰীত পৰি মৃত্যু হৈছে চাৰিটা শিশুৰ।

প্ৰাপ্ত খবৰ অনুসৰি ঘটনাটো সংঘটিত হোৱাৰ সময়ত শিশুবোৰে পুখুৰীৰ পাৰত খেলি আছিল।

অঞ্চলটোৰ স্থানীয় লোকে পুখুৰীৰ পৰা শিশুসকলক উদ্ধাৰ কৰিছিল যদিও, চিকিৎসালয়ত ভৰ্তি কৰোঁতে চাৰিওজনকে মৃত ঘোষণা কৰিছিল।

উল্লেখ্য যে, মৃত শিশুকেইজনৰ ৰহিমা খাতুন (১২), নুৰ নেছা (১৫), আৰ্ছিনা খাতুন (১০) আৰু ইমৰানা খাতুন (৬) বুলি চিনাক্ত কৰা হৈছে।