Girl exceptional appearance: নাঙলৰ মুঠিত ধৰি পথাৰত হাল বাইছে এগৰাকী কিশোৰীয়ে
![A teenager was seen plowing a field](https://mynewsne.com/wp-content/uploads/2023/07/ুীূপূপল-3-750x430.jpg)
দেৰগাঁও,২৯জুলাই : এক ব্যতিক্ৰমী দৃশ্য। পথাৰত হালোৱাৰ ৰূপত দেখা গ’ল এগৰাকী কিশোৰীক। বাৰিষাৰ পথাৰত হালোৱাৰ ৰূপত এগৰাকী কিশোৰী। শাওনৰ প্ৰখৰ ৰ’দকো নেওচি উদং পথাৰত ৰচিছে সেউজীয়া সপোন ৷
এতিয়া ভুঁই ৰোৱাৰ সময়। শাওনৰ পথাৰত সীমাহীন ব্যস্ততা কৃষকৰ ৷ আজৰি নাই গাঁৱৰ জীয়াৰী-বোৱাৰীৰো ৷ কাৰণ এয়া ভূঁই ৰোৱাৰ সময় ৷ নাঙলেৰে বোকাদিয়া আলতীয়া মাটিত শাৰী শাৰী কৈ ৰুইছে কঠিয়া(Girl exceptional appearance) ৷ শাওনৰ পথাৰত হালোৱা-ৰোৱনীৰ এই ব্যস্ততা অসমৰ গ্ৰাম্য জীৱনৰ এখন চিৰপৰিচিত ছবি ৷ নাৰায়ণপুৰৰ গ্ৰামাঞ্চলৰ পথাৰ সমূহতো দেখা পোৱা গৈছে একেই দৃশ্য ৷ শাওনৰ প্ৰখৰ ৰ’দকো নেওচি উদং পথাৰত ৰচিছে সেউজীয়া সপোন ৷ মনৰ আনন্দত হাতত কঠিয়াৰ মুঠি লৈ জাত জাত বিয়া নাম গাইছে জীয়াৰী-বোৱাৰীয়ে ৷ প্ৰকৃততে শাওন মাহৰ পথাৰৰ এই ব্যস্ততাৰ মাজত অন্তৰ্নিহিত হৈ থাকে গ্ৰাম্য জীৱনৰ মাদকতা(A teenager was seen plowing a field) ৷
দেৰগাঁৱৰ শাওনৰ পথাৰত হালোৱাৰ ৰূপত এগৰাকী কিশোৰী। আজিৰ প্ৰজন্মই গৰুৰে হাল বাবলৈও নাজানে। কিন্তু তেনে সময়তে দেৰগাঁৱৰ ইকৰাণি গাঁৱৰ পৰিস্মীতা দাস নামৰ এইগৰাকী কিশোৰীয়ে ম’হেৰে হাল বোৱা দেখিবলৈ পোৱা গৈছে। ইকৰাণি গাঁৱৰ এই দৃশ্যই এতিয়া আকৰ্ষণ কৰিছে সকলোকে ।পিতৃক কিছু কামৰ সকাহ দিয়াৰ এনে ধৰণে পথাৰত ব্যস্ত হৈ পৰিছে কিশোৰী গৰাকীয়ে।প্ৰায়ই হাল বায় পৰিস্মীতাই।
উল্লেখ্য যে পৰিস্মীতাৰ ঘৰত নাই কোনো ল’ৰা, সেয়েহে পঢ়াৰ লগতে পিতৃৰ প্ৰায়ই প্ৰতিটো কামত সহায় কৰে পৰিস্মীতাই।বৰ্তমান দশম মান শ্ৰেণীত পঢ়ি আছে পৰিস্মীতাই । ঘৰৰ প্ৰায় সকলো কামেই কৰে পৰিস্মীতাই। কেৱল ইমানেই নহয় গীত-নৃত্যতো পাকৈত এইগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী পৰিস্মীতা দাস। শাওনৰ পথাৰত এইগৰাকী কিশোৰীৰ এই কৰ্মই নৱ প্ৰজন্মৰ বাবে যেন এক আদৰ্শ হিচাপে ঠিয় দিছে।
লগতে পঢ়ক : Governor at Barpeta satra : বৰপেটা সত্ৰ দৰ্শন কৰি সত্ৰত মূৰ দোৱাই সেৱা জনালে ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া