Local, Vocal, Global

মহানগৰীৰ গাড়ীগাঁৱত এগৰাকী কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ ৫ পাষণ্ডৰ

নিউজ ডেস্ক, ১১ মাৰ্চ : মহানগৰীৰ গাড়ীগাঁৱত ভয়ংকৰ ঘটনা সংঘটিত হয়। এগৰাকী কিশোৰীক ৫টা পাষণ্ডই দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ লগতে ধৰ্ষণৰ ভিডিঅ’ৰেকৰ্ড কৰি ভাইৰেল কৰিছিল ৫ যুৱকে। আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো। ঘটনাটো সংঘটিত কৰি পলায়ন কৰিছিল ৫ যুৱকে। ইতিমধ্যে ভুক্তভোগী কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল ভুক্তভোগী কিশোৰীগৰাকীয়ে।

ইতিমধ্যেই, ভুক্তভোগীয়ে পাণ বজাৰ মহিলা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল । আৰু অভিযুক্ত ৫ যুৱকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । ঘটনা সম্পৰ্কে এতিয়ালৈকে কোনো তথ্য ৰাজহুৱা কৰা নাই আৰক্ষীয়ে। ধৰ্ষণ কাণ্ড সংঘটিত কৰা ৫ যুৱকক প্ৰকৃততে যুৱক নে কিশোৰ সেই বিষয়েও কোনো তথ্য প্ৰকাশ হোৱা নাই যদিও অভিযুক্ত আটাইকেইজন কিশোৰ হ’ব বুলিও ধাৰণা কৰা হৈছে।