Local, Vocal, Global

থানাত জব্দকৃত গাড়ীৰ পৰা বিস্কুট চুৰি কৰা অপৰাধত নিৰ্মমভাৱে মাৰপিট এজন কিশোৰক

নিউজ ডেস্ক, ২২ মাৰ্চ : লাহৰীঘাট আৰক্ষী থানাৰ এটা ভাইৰেল ভিডিঅ’ই ৰাজ্য জুৰি তোলপাৰ সৃষ্টি কৰিছে।লাহৰীঘাট আৰক্ষীৰ সহকাৰী উপপৰিদৰ্শক উপেন চন্দ্ৰ বৰদলৈয়ে এগৰাকী ১৩ বছৰীয়া কিশোৰক নিৰ্মমভাৱে মাৰপিট কৰা ভিডিঅ ছচিয়েল মেডিয়াত ভাইৰেল হোৱাৰে পৰা ৰাজ্য জুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। থানাত জব্দকৃত গাড়ীৰ পৰা বিস্কুট চুৰি কৰা অপৰাধত কিশোৰজনক নিৰ্মমভাৱে মাৰপিট কৰিছিল সহকাৰী উপপৰিদৰ্শক উপেন চন্দ্ৰ বৰদলৈয়ে। প্ৰায় ২ দিনৰ পূৰ্বে সংঘটিত হৈছিল এই ঘটনা। থানা খনত থকা আন আৰক্ষী বিষয়া, কনিষ্টবলৰ আগত কিশোৰ গৰাকীক নিৰ্মমভাৱে কৰা হৈছিল নিৰ্যাতন।

ইতিমধ্যে সহকাৰী উপপৰিদৰ্শক উপেন চন্দ্ৰ বৰদলৈক নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছে। থানাৰ ভিতৰত এনেদৰে অন্যায়ভাৱে অত্যাচাৰ কৰা আৰক্ষী উপেন চন্দ্ৰ বৰদলৈৰ বিৰুদ্ধে আজি লাহৰীঘাট আৰক্ষী থানাৰ সন্মুখত স্থানীয় ৰাইজৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তুলে প্ৰতিবাদকাৰীসকলে।কিশোৰক নিৰ্মমভাৱে মাৰপিট কৰা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ লগতে শতাধিক স্থানীয় ৰাইজে।