গুৱাহাটী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ গাড়ী চুৰৰ এটা দল

নিউজ ডেস্ক, ৪ জুলাই : গুৱাহাটী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ গাড়ী চুৰৰ এটা দল। দেওবাৰে নিশা নিৰ্দিষ্ট তথ্যৰ ওপৰত অভিযান চলাই আৰক্ষীয়ে মহানগৰীৰ গীতানগৰ অঞ্চলৰ পৰা car lifters দলৰ দুজন গাড়ী চুৰক গ্ৰেপ্তাৰ কৰে।
আটক কৰা গাড়ী চুৰ দুটাক দেবোজিত ভট্টাচাৰ্য আৰু দীপ ৰয় বুলি চিনাক্ত কৰা হৈছে।
উল্লেখযোগ্য যে, একে ৰাতিৰ ভিতৰতে আৰু চাৰিজন গাড়ী উত্তোলকক গ্ৰেপ্তাৰ কৰা হৈছিল।
খবৰ অনুসৰি, দলটো নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহক চুৰি বাহন বিক্ৰী কৰাৰ লগত জড়িত আছিল।
আনহাতে গ্ৰেপ্তাৰ হোৱা চুৰকেইটাৰ বিৰুদ্ধে আগতে গীতানগৰ আৰক্ষী থানা, দিচপুৰ আৰু পানবজাৰত কেইবাটাও গোচৰ ৰুজু কৰা হৈছিল।