Local, Vocal, Global

শিৱসাগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা

নিউজ ডেস্ক, ৪ আগষ্ট : শিৱসাগৰ চহৰৰ সমীপৰ বগীদ’ল ডিমৌ কিনাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনাৰ।

ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে পিতৃ আৰু পুত্ৰৰ মৃতদেহ ।

বুধবাৰে নিশা ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে মৃদুল সন্দিকৈ আৰু তেওঁৰ ৮ বছৰীয়া পুত্ৰ পিণ্টু সন্দিকৈৰ মৃতদেহ। বিষ সেৱনৰ ফলতেই পিতৃ আৰু পুত্ৰৰ মৃত্যু হৈছে বুলি সন্দেহ কৰা হৈছে।

আনহাতে, ১০ বছৰীয়া আন এজন পুত্ৰক নিশাই সংকটজনক অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও অৱস্থাৰ অৱনতিৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

আত্মহত্যা বুলি সন্দেহ কৰা মৰ্মান্তিক ঘটনাটো পাৰিবাৰিক অশান্তিৰ বাবেই সংঘটিত হোৱা বুলি সন্দেহ কৰিছে।

উল্লেখ্য যে, ঘটনাটো সংঘটিত হোৱাৰ সময়ত মৃদুল সন্দিকৈৰ পত্নী আৰু কন্যা ঘৰত উপস্থিত নাছিল।

সম্প্ৰতি, আৰক্ষীয়ে মৃতদেহ দুটাৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।