Local, Vocal, Global

ভঙাগড় থানাত এক চাঞ্চল্যকৰ ঘটনা ! থানাৰ ভিতৰতে উদ্ধাৰ হল আৰক্ষী বিষয়াৰ মৃতদেহ

নিউজ ডেস্ক, ১১ মাৰ্চ : নগৰীৰ ভঙাগড়ত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । শুই থকা অৱস্থাতে উদ্ধাৰ হয় বিপ্লব সিনহা নামৰ এজন ট্ৰেফিক আৰক্ষীৰ মৃতদেহ। জোৱান জন বঙাইগাওঁৰ বুলি জানিব পৰা গৈছে। নিশা কৰ্মৰত অৱস্থাত আছিল জোৱান জন। নিজৰ কৰ্তৱ্য সামৰি থানাতেই বিশ্ৰাম কৰিছিল ট্ৰেফিক আৰক্ষী বিষয়া জনে। আৰু তাৰ পিছতে শোৱা পাটিত উদ্ধাৰ হয় জোৱান জনৰ মৃতদেহ । বৰ্তমান জোৱান জনৰ নশ্বৰদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।