Local, Vocal, Global

এটা আমকলৈ লংকাত চাঞ্চল্য, কি আছে এই আমটোত ?

নিউজ ডেস্ক, ১০ জুন : এতিয়া আমৰ বতৰ । বৰ্তমান সময়ত গছৰ পৰাই আনি বা বজাৰৰ পৰা কিনি আনি এটা হ’লেও আপুনি নিশ্চয় খাইছে। প্ৰতিকিলোত ৫০ টকাৰ পৰা ধৰি ৩০০ টকালৈকে বজাৰত আম পোৱা যায়। কিন্তু আপুনি অনুমান কৰিব পাৰিবনে এইবোৰ প্ৰজাতিৰ আমক বাদ দি উন্নত প্ৰজাতিৰ আমৰ দাম কিমান হব পাৰে?

আপুনি শুনি আচৰিত হব যে, এক উন্নত প্ৰজাতিৰ আমৰ মূল্য আন্তৰ্জাতিক বজাৰত আঢ়ৈ লক্ষাধিক টকা। এনে এটা আমৰ প্ৰজাতি হল ‘মিয়াজাকি মেংগ” (Miyazaki Mango)। জাপানত হোৱা এই আমবিধক Eggs of sun অথবা Dragons Egg বুলিও কোৱা হয়। জাপানৰ ‘মিয়াজাকি’ চহৰখনৰ নামেৰে নামকৰণ কৰা মিয়াজাকি আমবিধ অতি সুস্বাদু।

বৰ্তমান এই প্ৰজাতিৰ আমবিধৰ এটা পুলি লংকাৰ কাকী পদুমপুখুৰীৰ লক্ষ্মণ মুখীয়া নামৰ লোকজনৰ অৰ্ধসামৰিক বাহিনীত কৰ্মৰত পুত্ৰই কলকাতাৰ এখন নাৰ্ছাৰীৰ পৰা ক্ৰয় কৰি আনি নিজৰ ঘৰৰ ছাঁদৰ ওপৰত লগাইছিল। আৰু ৬ মাহ পূৰ্বে লগোৱা আমগছ জোপাত লাগিছে এটা মিয়াজাকি মেংগ’। ৰংচুৱা আমটোৰ বৰ্তমান ওজন প্ৰায় ২৫০ গ্ৰাম হ’ব।

উল্লেখ্য যে, ৩৫০ গ্ৰাম পৰ্যন্ত ওজন হোৱা এই আমটোৰ বৰ্তমান বজাৰ মূল্য হ’বগৈ প্ৰায় ৭০–৮০ হাজাৰ টকা! সম্প্ৰতি আমটোক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইপিনে, লক্ষ্মণ মুখীয়া নামৰ লোকজনে এই আমটো নিজৰ ঘৰতে খাই সোৱাদ ল’ব বুলি প্ৰকাশ কৰিছে।