Local, Vocal, Global

ত্ৰিপুৰাত দুৰ্বৃত্তৰ আক্ৰমণত আহত এজন জ্যেষ্ঠ সাংবাদিক

নিউজ ডেস্ক, ৪ জুলাই : দেওবাৰে নিশা ত্ৰিপুৰাৰ আগৰতলা চহৰৰ ইন্দ্ৰনগৰ অঞ্চলত সংঘটিত হোৱা দুৰ্বৃত্তৰ আক্ৰমণত আহত হয় এজন জ্যেষ্ঠ সাংবাদিক।

আহত সাংবাদিকজনক ত্ৰিপুৰাৰ স্থানীয় দৈনিক ‘Sandan Patrika’ত কৰ্মৰত তপন দাস বুলি চিনাক্ত কৰা হৈছে।

দুৰ্বৃত্তৰ আক্ৰমণত সাংবাদিকজনক আঘাতপ্ৰাপ্ত হৈছিল আৰু ত্ৰিপুৰাৰ আগৰতলাৰ GB Pant চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

দাসৰ ওপৰত হোৱা আক্ৰমণৰ পিছত অপৰাধীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ত্ৰিপুৰাৰ সাংবাদিকসকলে দাবী জনাইছে ।