Local, Vocal, Global

উৎকোচ গ্ৰহণ কৰাৰ সময়ত এজন ৰেঞ্জ বিষয়াক ৰঙাহাতে ধৰা পেলাইছে Vigilance & Anti Corruption Unit এ

নিউজ ডেস্ক, ৩ আগষ্ট : অসম চৰকাৰৰ ভিজিলেন্স এণ্ড এণ্টি কৰ্পচন ইউনিটে ২০,০০০ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ সময়ত এজন ৰেঞ্জ বিষয়াক ৰঙাহাতে ধৰা পেলাইছে।


অভিযুক্তজনক দেৱব্ৰত গগৈইক বুলি চিনাক্ত কৰা হৈছে।

কাছাৰ বন বিভাগৰ অধীনত জিৰিঘাটত ৰেঞ্জ অফিচাৰ হিচাপে নিযুক্তি দিয়া গগৈইক আজি Vigilance & Anti Corruption Unit এ কৰায়ক্ত কৰিবলৈ সক্ষম হয়।

ADGP আৰু ভিজিলেন্স এণ্ড এণ্টি কৰ্পচন ইউনিটৰ সঞ্চালক জি পি সিঙে এটা টুইটৰ জৰিয়তে জানিবলৈ দিয়ে,” উল্লেখ কৰিব পাৰি যে আমাৰ দলটোক দেখি ৰেঞ্জাৰজনে উৎকোচৰ ধনলৈ চেম্বাৰৰ পৰা পলাই গৈছিল আৰু পিছত ভি এণ্ড এচি দলে ৰেঞ্জ অফিচৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত্বত গ্ৰেপ্তাৰ কৰিছে।”

আজি Silchar- Lakhipur পথৰ কাষৰ ৰাণীপুৰত এজন ব্যক্তিয়ে নগদ ধন ৰেঞ্জ বিষয়া গগৈক গ্ৰেপ্তাৰ কৰে।

খবৰ অনুসৰি, দুৰ্নীতিপূৰ্ণ আচৰণ অনুসৰণ কৰি লোকসকলক চাৰ্জ কৰাৰ ইতিহাস আছে। আনকি তেওঁ বন সংৰক্ষিত অঞ্চলৰ পৰা stone- chip অবৈধভাৱে পৰিবহনৰ অনুমতি দিয়াৰ অভিযোগ আছে।