Local, Vocal, Global

অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ এগৰাকী মাতৃ আৰু তেওঁৰ সন্তানক

নিউজ ডেস্ক, ৪ জুলাই : ধুবুৰী জিলাৰ অপহৰণকাৰীৰ কবলৰ পৰা মেঘালয় আৰু অসম আৰক্ষীয়ে সফলতাৰে উদ্ধাৰ কৰিছে এগৰাকী মাতৃ আৰু তেওঁৰ সন্তানক।লগতে গ্ৰেপ্তাৰ কৰিছে এজন অপহৰণকাৰীক।

আৰক্ষীয়ে জনোৱা অনুসৰি গ্ৰেপ্তাৰ কৰা অপহৰণকাৰীজনক ২৩ বছৰীয়া মনি জামান বুলি চিনাক্ত কৰা হৈছে, ।

খবৰ অনুসৰি, যোৱা মাহত পশ্চিম গাৰো পাহাৰ জিলাৰ ৰংখোন বজাৰৰ পৰা মাকৰ লগতে তেওঁৰ ডেৰ বছৰীয়া কেঁচুৱাটোক অপহৰণ কৰা হৈছিল।

জানিব পৰা মতে, মহিলাগৰাকী আৰু তেওঁৰ সন্তানক ধুবুৰী জিলালৈ আনি আৰু বেলটুলি নামৰ ঠাইত বন্দী কৰি ৰাখিছিল।

আৰক্ষীয়ে কৈছিল যে অভিযুক্ত ব্যক্তিজনে মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক নিৰন্তৰ ভাবুকি দি আহিছিল।

সোমবাৰে, অভিযুক্তজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।