এক ভয়ংকৰ অগ্নিকাণ্ড, প্ৰাণ কাঢ়িলে কেইবাজনো লোকৰ

নিউজ ডেস্ক,৭মে:-এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ব্যৱসায়িক নগৰী ইন্দোৰৰ স্বৰ্ণবাগ কলনীত ,এই বিধ্বংসী অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে ৭ গৰাকীকে ব্যক্তিয়ে।
অঞ্চাৰ পেটেল নামৰ এগৰাকী লোকৰ অট্টালিকাটোত অগ্নিকাণ্ড সংঘটিত হৈছে, অগ্নিকাণ্ডটোত অগ্নিদগ্ধ হৈছে ৯গৰাকীকৈ ব্যক্তি ।
কলনী দুমহীয়া এটা অট্টালিকাত সূত্ৰপাত হোৱা এই অগ্নিকাণ্ড অগ্নিদগ্ধ হৈছে ৯ গৰাকীকৈ ব্যক্তি। অঞ্চাৰ পেটেল নামৰ এগৰাকী লোক এই অট্টালিকাটোৰ স্বত্তাধিকাৰী বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে তথ্য অনুসৰি , শনিবাৰে পুৱা ৪-৫ বজাৰ ভিতৰত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল। মৃত ব্যক্তি মাজত দুগৰাকী মহিলাও আছে বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সূত্ৰপাত হবলৈ পালে। অগ্নিকাণ্ডত বিল্ডিঙৰ তলত থকা কেইবাখনো বাহন ভষ্মীভূত হয়।