মণিপুৰত সন্ধানহীন কাছাৰ জিলাৰ এজন লোক

নিউজ ডেস্ক, ২ জুন : বুধবাৰে নিশা মণিপুৰৰ Noney জিলাৰ টুপুলত ৰে’লনিৰ্মাণ ক্ষেত্ৰত সংঘটিত হোৱা ভূমিস্খলনত সন্ধানহীন হৈছে অসমৰ কাছাৰ জিলাৰ এজন লোক ।
সন্ধানহীন ব্যক্তিজনক কাছাৰ জিলাৰ বৰখোলাৰ বাসিন্দা ধীৰেন কুৰি বুলি চিনাক্ত কৰা হৈছে।
কুৰিৰ পৰিয়ালৰ সদস্যসকলৰ মতে, তেওঁলোকে বুধবাৰে নিশা তেওঁৰ সৈতে ফোনযোগে কথা পাতিছিল আৰু তাৰ পিছৰে পৰা বৃহস্পতিবাৰৰ পৰা তেওঁৰ ফোনটো বন্ধ হৈ আছে।
পৰিয়ালৰ সদস্যসকলে জিলা প্ৰশাসনক ভূমিস্খলনত আৱদ্ধ ব্যক্তিজনক উদ্ধাৰৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।
কুৰিৰ পত্নীয়ে বৰখোলা আৰক্ষী চকীত ধীৰেন কুৰিৰ নিৰুদ্দেশ প্ৰতিবেদন দাখিল কৰিছে । উল্লেখযোগ্য যে, কুৰীয়ে ননিত ৰেললাইন নিৰ্মাণত কাম কৰি আছিল।