সামান্য কাজিয়াৰ বাবেই জঘন্য কাণ্ড প্ৰেমিকৰ
নিউজ ডেস্ক, ১ জুলাই : ভালপোৱা হৈছে এক সুমধুৰ অনুভূতি। ভালপোৱা মানুহজন বা মানুহজনী লগত থাকিলে দেখুন সকলোখিনিয়েই ভাল লাগে।
বিভিন্নজনে কয় যে, ভালপোৱাজনৰ লগত কাজিয়া কৰিলে হেনু মৰম বাঢ়ে। কিন্তু, যদি সঠিক ব্যক্তিৰ সৈতে সম্পৰ্ক কৰা নহয় তেন্তে সেই কাজিয়াৰ ফলত কি কি হব পাৰে সেয়া হয়তো আপুনি কল্পনাও কৰিব নোৱাৰে।
সামান্য কাজিয়াৰ বাবেই জুৰিয়াত জঘন্য কাণ্ড সংঘটিত কৰিলে প্ৰেমিকে।
প্ৰেমিকাৰ লগত হোৱা সামান্য মতানক্যৰ বাবে প্ৰেমিকাৰ অশ্লীল ফটো ভাইৰেল কৰিলে প্ৰেমিকে।
অশ্লীল ফটোবোৰ ভাইৰেল হোৱাৰ পাছত প্ৰেমিকাৰ পৰিয়ালে খবৰ লাভ কৰি চিনেমাৰ দৰে কৌশলেৰে মাতি আনি আৰক্ষীক চমজাই দিয়ে।
ধৃত প্ৰেমিকজনক ৰূপহীহাট শিঙিমাৰীৰ যুৱকজন মুজাৰিকুল আহমেদ বুলি চিনাক্ত কৰা হৈছে ।