গোলাঘাট জিলাৰ পৰা গ্ৰেপ্তাৰ আলফাৰ এজন লিংকমেন

নিউজ ডেস্ক, ২১ জুলাই : বৃহস্পতিবাৰে অসম আৰক্ষীয়ে গোলাঘাট জিলাৰ বগীজান অঞ্চলৰ পৰা United Libareson Front of Assam-Independent(ULFA)ৰ এজন লিংকমেনক গ্ৰেপ্তাৰ কৰে।
প্ৰকাশ গগৈ নামৰ যুৱকজনে ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিষিদ্ধ উগ্ৰপন্থী সংগঠনটোৰ সৈতে সম্পৰ্ক ৰাখিছিল বুলি আৰক্ষীয়ে জানিব দিয়ে।
উল্লেখ্য় যে , যোৱা পৰীক্ষাত যুৱকজনে অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।
আৰক্ষীয়ে লগতে কয় যে অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত আছে।