A journalist’s family amid financial difficulties: ৩০ বছৰে সাংবাদিকতা কৰা জয়ন্ত দাস এতিয়া জটিল ৰোগত আক্ৰান্ত
নিউজ ডেস্ক,৯জুলাইঃ সাংবাদিক জয়ন্ত দাসৰ এক কৰুণ গাথাঁ। ৩০ টা বছৰে সাংবাদিকতা কৰা এইগৰাকী সাংবাদিকৰ এক কৰুণ কাহিনী। বৰপেটা এক্সপ্ৰেছৰ স্বত্বাধিকাৰী জয়ন্ত দাস আক্ৰান্ত জটিল ৰোগত। (Barpeta Express owner Jayanta Das is suffering from a critical illness). চিকিৎসা কৰি সৰ্বস্বান্ত হৈছে তেওঁৰ আত্মীয় স্বজন তথা পৰিয়াল ।বৰ্তমান চিকিৎসা কৰাৰ সম্বল নাই তেওঁৰ পৰিয়ালৰ ।টকাৰ অভাৱত মৃত্যুৰ ক্ষণ গণিব লগা হৈছে সাংবাদিক জয়ন্ত দাস। ইতিমধ্যে বৰপেটাৰোডৰ বহু কেইটা দল সংগঠনে আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে মন্ত্ৰী ৰণজিৎ দাস, ইএম গৌতম দাসও বিগত সময়ত আগবঢ়াইছে আৰ্থিক সাহায্য ।
তাৰোপৰি বৰপেটাৰোড প্ৰেছ ক্লাবৰ সদস্য সকলৰ লগতে আন বহু শুভাকাংশীয়েও ব্যক্তিগত ভাবে জয়ন্ত দাসৰ চিকিৎসাৰ বাবে অনুদান আগবঢ়াইছিল যদিও সেয়া এই মুহূৰ্তত পৰ্যাপ্ত হোৱা নাই ।উল্লেখ্য যে সমাজৰ বাবে সৰ্বস্ব ত্যাগ কৰা সাংবাদিকক বিপদৰ সময়ত সহায় কৰিব কোনে ?
অতি দায়িত্বশীল, নিষ্ঠাবান সাংবাদিক, সমাজকৰ্মী জয়ন্ত দাসে বৰপেটা ৰোডৰ পৰা বিভিন্ন কাকত, চেনেলত কৰ্মৰত হৈ আছিল বিগত সময়ত। (Jayanta Das, a very responsible, dedicated journalist and social worker, has been working in various newspapers and channels from Barpeta Road in the past).অতি জটিল ৰোগত আক্ৰান্ত সাংবাদিক জয়ন্ত দাসক এতিয়া আৰ্থিক সাহাৰ্য্যৰ প্ৰয়োজন।ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে সচেতন ৰাইজে । যদি কোনো লোকে সাংবাদিক জয়ন্ত দাসক আৰ্থিক সহায় কৰিবৰ বিচাৰে তেন্তে
9854335842 phone pay অথবা
30313537196, IFSC: SBIN 0002013 একাউণ্টত নম্বৰযোগে
সহায় কৰিবৰ বাবে পৰিয়ালৰ তৰফৰ পৰা কাতৰ আহ্বান জনাইছে