Local, Vocal, Global

সাধাৰণ লোকসকলৰ বাবে এক ডাঙৰ সকাহ

নিউজ ডেস্ক, ২০ জুলাই : সাধাৰণ লোকসকলৰ বাবে এক ডাঙৰ সকাহ স্বৰূপে, যোৱা মাহৰ তুলনাত বিলাহীৰ সৰ্বভাৰতীয় খুচুৰা মূল্য ২৯ শতাংশ হ্ৰাস পাইছে। বাৰিষাৰ বৰষুণ আৰম্ভ হোৱাৰ লগে লগে বজাৰলৈ নতুন বিলাহী আগমন হোৱাৰ লগে লগে মূল্যৰ পৰিমাণ কমা পৰিলক্ষিত হৈছে। আনহাতে, পিঁয়াজৰ মূল্যও যোৱা বছৰৰ স্তৰৰ তলত ৯ শতাংশ হ্ৰাস পাইছে।

মুম্বাইকে ধৰি মুখ্য মেট্ৰ’ চহৰসমূহত বিলাহীৰ মূল্য জুন মাহত প্ৰতি কিলোগ্ৰামত ১০০ টকা স্পৰ্শ কৰিছিল। আনহাতে, মে মাহত নেমুৰ মূল্যও আকাশচুম্বী হৈছিল। ইয়াৰ উপৰিও, বিলাহীৰ মূল্য দিল্লীত ৪৪ শতাংশ বৃদ্ধি হৈছিল। উল্লেখ্য যে, দক্ষিণ ভাৰতত তাপ প্ৰবাহ আৰু কম উৎপাদনৰ ফলত যোগান ব্যাহত হৈছিল।

উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্যই সূচায় যে সমগ্ৰ দেশতে বিলাহীৰ গড় খুচুৰা মূল্য ১৯ জুলাইত এমাহ আগৰ তুলনাত প্ৰতি কিলোগ্ৰামত ৩৭.৩৫ টকা কম হৈছে । তথ্যই আৰু দেখুৱাইছে যে একেদিনাই সমগ্ৰ ভাৰতত পিঁয়াজৰ গড় খুচুৰা মূল্য প্ৰতি কিলোগ্ৰামত ২৫.৭৮ টকা হৈছে।