Local, Vocal, Global

ভালপোৱাৰ সম্পৰ্ক মানি নোলোৱাৰ বাবেই চৰম সিন্ধান্ত এগৰাকী প্ৰেমিকাৰ!

নিউজ ডেস্ক : শুকুৰবাৰে সন্ধিয়া বকোত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। প্ৰেমৰ সম্পৰ্ক মানি নোলোৱাৰ বাবেই ৰে’লৰ সন্মুখত জঁপিয়াই পৰিলে এগৰাকী প্ৰেমিকা।

খবৰ অনুসৰি, ছোৱালীজনী বৃহস্পতিবাৰে প্ৰিয়দেৱ ৰাভা নামৰ এজন যুৱকৰ সৈতে পলাই গৈছিল। কিন্তু, ল’ৰাৰ পৰিয়ালে তেওঁলোকৰ মিত্ৰতা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।

পিছদিনা লৰা মাক বা ভনীয়েকে তাইক আধা ৰাষ্টাত উভতাই পঠাবলৈ আহিছিল। পৰৱৰ্তী সময়ত, ছোৱালীজনীয়ে সকলো আশা হেৰুৱাই ৰে’লখনৰ সন্মুখত জঁপিয়াই আত্মহত্যা কৰে।

বৰ্তমান আৰক্ষীয়ে আত্মহত্যাৰ সন্দৰ্ভত প্ৰিয়দেৱ ৰাভাক গ্ৰেপ্তাৰ কৰে।