Assam Flood 2023 : বাঢ়ি অহা কপিলী নৈত উটি আহিল এটা প্ৰকাণ্ড বাঘ মাছ

খেৰণি, ১৮ জুন : ফেনে-ফুটুকাৰে বাঢ়ি অহা কপিলী নৈত উটি আহিল এটা প্ৰকাণ্ড বাঘ মাছ (tiger fish) । খেৰণিৰ নেপালী বস্তিত উদ্ধাৰ প্ৰায় ১০০ কে:জি: ওজনৰ দুষ্প্ৰাপ্য মাছটো (Assam Flood 2023) । মাছটো উদ্ধাৰৰ পাছতে কপিলীপৰীয়া ৰাইজৰ মাজত লাগিল চিঞৰ-বাখৰ ।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে পাহাৰীয়া জিলা ডিমা হাছাও আৰু কাৰ্বি আংলঙতো অব্যাহত আছে নেৰানেপেৰা বৰষুণ(Kopili River in Karbi Anglong)। ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা কপিলী নৈৰ পানী বৈছে বিপদ সীমাৰ ওপৰেৰে । কপিলীৰ বাঢ়নী পানীৰ ফলত শংকিত হৈ পৰিছে নৈপৰীয়া লোকসকল ।
ইয়াৰ মাজতে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ কপিলীপৰীয়া ৰাইজৰ মাজত লাগিল হুৱা-দুৱা । অৱশ্যে এই হুৱা-দুৱা কোনো বিপদক লৈ কৰা হুৱা-দুৱা, চিঞৰ-বাখৰ নহয় । এইয়া হৈছে কপিলী নৈত এটা প্ৰকাণ্ড বাঘ মাছ উদ্ধাৰক লৈ সৃষ্টি হোৱা চিঞৰ-বাখৰহে (Rare fish found in Kapili river) । দুষ্প্ৰাপ্য মাছটো উটি অহাৰ কথা জানিব পাৰি সেয়া চাবৰ বাবে নৈপৰীয়া ৰাইজৰ মাজত লাগে দৌৰা-দৌৰি ।
কোনো অজ্ঞাত কাৰণত মৃত্যুৰ মুখত পৰি কপিলীৰে উটি অহা প্ৰায় ১০০ কে:জি: ওজনৰ দুষ্প্ৰাপ্য বাঘ মাছটো প্ৰত্যক্ষ কৰি তাক পানীৰ পৰা উদ্ধাৰ কৰি নৈৰ পাৰলৈ তুলি আনে খেৰণিৰ নেপালী বস্তিৰ কপিলীপৰীয়া একাংশ ৰাইজে । ইয়াৰ পিছতে মাছটো চাবৰ বাবে সেই স্থানত ভিৰ কৰেহি অসংখ্য লোকে ।
উল্লেখযোগ্য যে, সমগ্ৰ ৰাজ্যত অব্যাহত আছে নেৰানেপেৰা বৰষুণ । ফলত ক্ৰমাৎ বৃদ্ধি পাইছে নৈ-উপনৈসমূহৰ জলস্তৰ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ নৈ-উপনৈসমূহৰ লেখীয়াকৈ কপিলী নৈৰো জলস্তৰ বৃদ্ধি পাইছে । অধিক ভয়াৱহ হৈ পৰিছে খেৰণি, কামপুৰ আদি অঞ্চলৰ বান পৰিস্থিতি । ইতিমধ্যেই নৈৰ বাঢ়নি পানীয়ে প্লাৱিত কৰিছে ন ন অঞ্চল ।
লগতে পঢ়ক : Assam Flood 2023 : অপৰিৱৰ্তিত কপিলীৰ জলস্তৰ, প্লাবিত হৈছে ন ন অঞ্চল