Local, Vocal, Global

মুজ ৱালাৰ হত্যাকাণ্ডৰ অভিযুক্ত জগৰূপ সিং ৰূপা নামৰ এজন গুণ্ডা নিহত

নিউজ ডেস্ক, ২০ জুলাই : বুধবাৰে অমৃতসৰৰ আটাৰী সীমান্তৰ ওচৰত Sidhu Moose Wala হত্যাকাণ্ডৰ গোচৰত জড়িত থকা গুণ্ডাসকল আৰু Punjab Police ৰ মাজত সংঘৰ্ষ সংঘটিত হয়।

সংঘৰ্ষত গায়ক মুজ ৱালাৰ হত্যাকাণ্ডৰ অভিযুক্ত জগৰূপ সিং ৰূপা নামৰ এজন গুণ্ডা নিহত হৈছে, আনহাতে চলিত গুলীচালনাত তিনিজন আৰক্ষী আহত হৈছে বুলি জানিব পৰা গৈছে।

পঞ্জাৱ আৰক্ষীৰ এণ্টি-গেংষ্টাৰ টাস্ক ফ’ৰ্চে ৰূপা আৰু মনপ্ৰীত সিং ওৰফে মান্নু কুছা নামৰ দুজন লোকক পিছা কৰি আছিল আৰু ভাকনা গাঁৱত সংঘৰ্ষ আৰম্ভ হৈছিল।

আৰক্ষীয়ে কৈছিল যে এতিয়াও পলাতক অৱস্থাত থকা তিনিজন শ্বুটাৰৰ ভিতৰত ৰূপা আৰু কুছা অন্যতম আছিল । তেওঁলোকৰ ভিতৰত দীপক মুণ্ডি এতিয়াও পলাতক হৈ আছে। আনহাতে বাকী আঠজন শ্বুটাৰক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে, ২৮ বছৰীয়া মুজ ৱালা, এজন গায়ক-গীতিকাৰ আৰু ৰেপাৰ হোৱাৰ উপৰিও কংগ্ৰেছনেতা আছিল। আনহাতে, চলিত বৰ্ষৰ ২৯ মে’ত পঞ্জাৱৰ মানসা জিলাত গুলীয়াই হত্যা কৰা হৈছিল। কোৱা হয় যে কুছাই একে-৪৭ ৰাইফলৰে মুজ ৱালাৰ ওপৰত প্ৰথম গুলী চালনা কৰিছিল।

ইতিমধ্যে দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ সৈতে সমন্বয় কৰি কানাডাস্থিত সতীন্দৰজিৎ সিং ওৰফে গোল্ডি ব্ৰাৰে মুজ ৱালাৰ হত্যাৰ পৰিকল্পনা কৰিছিল বুলি অভিযোগ কৰা হৈছে।