Local, Vocal, Global

এখন ফুটবল খেলৰ টিকটৰ দাম ২ কোটি ২০ লাখ টকা।

ডিজিটেল ডেস্ক:-এখন টিকটৰ দাম ২ কোটি ২০ লাখ টকা। হয়, মেছি-ৰ’নাল্ডোৰ খেলখনক কেন্দ্ৰ কৰি ছৌদি আৰৱত ব্যাপক উত্তেজনা অব্যাহত আছে।

 ইতিমধ্যে বহু লোকে সেই মেচখনৰ টিকটৰ বাবেও আৱেদন কৰিছে।  তাৰ মাজতে এটা খবৰে সকলোকে আচৰিত কৰিছে।  ছৌদি আৰৱৰ এজন ব্যৱসায়ীয়ে মেছি-ৰ’নাল্ডোৰ খেলখন চাবলৈ ২ কোটি ২০ লাখ টকা খৰচ কৰিবলৈ ইচ্ছুক।কিছুদিন পিছত ছৌদি আৰৱত অনুষ্ঠিত হ’বলগীয়া প্ৰদৰ্শনীমূলক মেচত লিয়নেল মেছি আৰু ক্রিষ্টিয়ানো ৰোনাল্ডো মুখামুখি হ’ব৷  সেই মেচখনক কেন্দ্ৰ কৰি বহু উৎসুকতাৰ  সৃষ্টি হৈছে।  ইতিমধ্যে বহু লোকে টিকটৰ বাবে আৱেদন কৰিছে।  কিন্তু সেই সময়তে, ছৌদি আৰৱৰ এজন ব্যৱসায়ীয়ে মেছি আৰু  ৰ’নাল্ডোৰ মেচ চাবলৈ ২ কোটি ২০ লাখ টকা খৰচ কৰিবলৈ ইচ্ছা প্রকাশ কৰিছে।

এই ব্যৱসায়ীজনৰ নাম মুশ্বাৰফ আল গামাদ। তেওঁ  ছৌদি আৰৱৰ এটা ডাঙৰ ৰিয়েল এষ্টেট কোম্পানীৰ মুৰব্বী। ইতিমধ্যে টিকটৰ নিলাম আৰম্ভ হৈছে মেছি-ৰ’নাল্ডোৰ খেলখনৰ। টিকটৰ নিলাম অহা মঙলবাৰে  অন্ত পৰাৰ কথা।  সেই নিলামৰ বিজয়ীয়ে যি টিকট লাভ কৰিব সেই টিকটৰ সা সুবিধা কল্পনাৰ বাহিৰত। 

তেওঁ কেৱল শ্ৰেষ্ঠ স্থানত বহি খেলখন চোৱাৰ সুযোগ পোৱাই নহয়, বিজয়ী দলৰ সৈতে ফটো তোলাৰ সুযোগো পাব।  কেৱল সেয়াই নহয়, ড্ৰেছিং ৰুমত গৈ দুয়োটা দলৰ ফুটবলাৰক লগ পাব পাৰিব।  অৰ্থাৎ মেছি আৰু ৰোনাল্ডোক লগ পোৱাৰ সুযোগো আছে।  অহা  ১৯ জানুৱাৰীত মেছি আৰু ৰোণাল্ডোৱে আল হিলাল আৰু আল নাছেৰৰ বিৰুদ্ধে প্ৰদৰ্শনীমূলক মেচ খেলিব।  সেই মেচখন হ’ব কিং ফাহাদ ষ্টেডিয়ামত।  ৬৮ হাজাৰ দৰ্শকে উপভোগ কৰিব এই খেল।  ইফালে  ২০ লাখ লোকে টিকটৰ বাবে আৱেদন কৰিছে।  চৌদি আৰৱৰ সংগঠকসকলৰ অৱস্থা শোচনীয় হৈছে।  টিকট কোনে পাব সেইটো নিৰ্বাচন কৰাটো কঠিন হৈ পৰিছে।

 শেষবাৰৰ বাবে মেছি-ৰোনাল্ডোৰ মুখামুখি হৈছিল ২০২০ চনৰ ডিচেম্বৰ মাহত।  সেই চেম্পিয়নছ লীগৰ খেলখনত জুভেন্টাছে মেছিৰ বাৰ্চিলোনাক ৩-০ গ’লত পৰাস্ত কৰিছিল ৰোনাল্ডোৰ গ’লৰ সহায়ত।