ডবকাৰ শালবাগানত দাউদাউকৈ জ্বলি উঠিল শিল ভৰ্তি ডাম্পাৰ
নিউজ ডেস্ক: ডবকাৰ শালবাগানত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ডাম্পাৰ দাউদাউকৈ জ্বলি উঠে৷ AS-09-AC-9223 নম্বৰৰ ডাম্পাৰখন কাৰ্বি আংলঙৰ পৰা শিল লৈ ডবকা অভিমুখে আহি থকাৰ সময়তে দাউদাউকৈ জ্বলি উঠে৷ ততাতৈয়াকৈ স্থানীয় ৰাইজ আৰু ডবকা আৰক্ষীয়ে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াৰ লগতে অগ্নি নিৰ্বাপণ কৰিবলৈ প্ৰয়াস কৰে৷ অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলিত উপস্থিত হৈ নিৰ্বাপণ কৰে জুই৷ জুই লগাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত কিছু সময়ৰ বাবে সৃষ্টি হৈছে ব্যাপক যান-জঁট৷ ডাম্পাৰখনত জুই লাগিছে সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই৷ ইতিমধ্যে ঘটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ ডেৰমাহ পূৰ্বে অনুৰূপ এখন ডাম্পাৰ ডবকাৰ শালবাগানতে জ্বলি উঠিছিল৷