হীৰুদা বিহীন এটা দশক

নিউজ ডেস্ক, ৪ জুলাই :
‘মৃত্যুওতো এটা শিল্প
জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য!’
কলাত্মক কবি যাৰ এটা শব্দতে ভাহি আহে এখন ছবি ‘ যাৰ সৰু সৰু কবিতাৰ শাৰীত প্ৰকাশ পাইছিল এটা কাহিনী সেই কথা শুনিলে আমাৰ মনলৈ যাৰ ছবি প্ৰথম আহে সেইজনেই হ’ল সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য।
তেওঁৰ জন্ম হয় ১৯৩২ চনৰ ২৮ জুলাইত অসমৰ যোৰহাটত । তেখেতৰ পিতৃ নাম আছিল স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্বৰ্গীয়া স্নেহলতা ভট্টাচাৰ্য। দেউতাকৰ চাকৰি সূত্ৰে অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা হোৱাৰ লগতে তেওঁৰ স্কুল সলাব লগীয়া হৈছিল । তেখেতে শিক্ষা জীৱনত ডিব্ৰুগড়, তেজপুৰৰ লগতে ১৯৪৫ চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰপৰা তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত বি. বৰুৱা কলেজত উচচ শিক্ষা গ্ৰহণ কৰে ।
তাৰ পাছতে এখন স্কুলত শিক্ষকতা কৰে ৷ এবছৰ শিক্ষকতা কৰা পাছত তাৰ পৰা উভতি আহি কিছু দিনৰ পিছত কাপোৰৰ দোকান এখনত ছেলছমেন হিচাপে কাম কৰে ।
কবিতাৰ ছন্দৰে সকলোৰে হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা সুগন্ধি পখিলাৰ কবিগৰাকীৰ প্ৰথম কবিতা প্ৰকাশ পায় ১৯৫৭ চনত ৷ ইয়াৰ পাছতেই তেওঁৰ প্ৰথম কবিতা পুথি ‘মোৰ দেশ মোৰ প্ৰেমৰ কবিতা’ প্ৰকাশ হয় ১৯৭২ চনত ৷ তেখেতৰ মুঠ ১৩খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পাইছে আৰু লগতে বঙালী ভাষাত ২ খনকৈ কবিতা পুথি অনুদিত হৈছে।
তোমাৰ গান (১৯৭২), বিভিন্ন দিনৰ কবিতা (১৯৭৪), কবিতাৰ ৰ’দ (১৯৭৬),সুগন্ধি পখিলা (১৯৮১), শইচৰ পথাৰ মানুহ(১৯৯১), মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বোকা মাটি, জোনাকী-মনকে ধৰি বহুকেইখন সাহিত্য সম্ভাৰ সৃষ্টিৰে অসমৰ সাহিত্যক্ষেত্ৰক সমৃদ্ধ কৰিছিল হীৰুদাই।
তেওঁৰ কবিতাত প্ৰকাশ পাইছিল ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য , জীৱনৰ নতুন অৰ্থ |
অসমীয়া কবিতা প্ৰেমীৰ বাবে চিৰপৰিচিত তথা অসমীয়া কবিতাক সজীৱ আৰু সমৃদ্ধ কৰি ৰখা ‘হীৰুদা’ৰ স্মৃতি দিৱসত আমিও জনাইছো সশ্ৰদ্ধ স্মৰণ।