প্ৰাণঘাতী আক্ৰমণ! কথমপি ৰক্ষা পৰিল পুটিন

নিউজ ডেস্ক : ইউক্ৰেইনক আক্ৰমণৰ পাছতে শত্ৰু বৃদ্ধি পাইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন৷ আক্ৰমণৰ আশংকা কৰাৰ সময়তে এইবাৰ প্ৰাণঘাটি আক্ৰমণৰ পৰা ৰক্ষা পৰিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ভয়াবহ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ গাড়ীদুৰ্ঘটনাত পতিত হয়। অৱশ্যে দুৰ্ঘটনাত পুটিন সুৰক্ষিত হৈ ৰৈছে। আক্ৰমণত জড়িত থকাৰ সন্দেহত কেইবাজনো লোকক আটক কৰা হৈছে আৰু তদন্ত চলাই থকা হৈছে। একাংশ সংবাদমাধ্যমত প্ৰকাশিত খবৰ যোগে পুটিনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। অৱশ্যে আক্ৰমণ কেতিয়া, ক’ত সংঘটিত হৈছিল সেই কথা পোহৰলৈ অহা নাই৷ ৰাছিয়াৰ ৰাজনীতিবিদসকলৰ এটা বৃহৎ অংশই পুটিনৰ পদত্যাগ দাবী কৰি আহিছে৷ ইউক্ৰেইনৰ ভূমিত ৰাছিয়াৰ সেনাৰ নিৰন্তৰ বিফলতাৰ বাবে পুটিনক দোষাৰোপ কৰিছে বিৰোধীয়ে। সকলো ঘটনালৈ লক্ষ্য কৰি বিশেষজ্ঞসকলে অনুমান কৰে যে আক্ৰমণ এসপ্তাহ আগতে সংঘটিত হ’ব পাৰে।
পুটিনৰ গাড়ী বাসগৃহলৈ উভতি অহাৰ সময়ত দুৰ্ঘটনাত পতিত হোৱা সন্দেহ কৰা হৈছে। পুটিনৰ কনভয়ৰ প্ৰথমখন গাড়ীৰ সৈতে এখন এম্বুলেন্সৰ সামান্য ক্ষতি হয়। কনভয়ৰ দ্বিতীয়খন গাড়ীয়ে নিয়ন্ত্ৰণো হেৰুৱাই। কনভয়ৰ তৃতীয়খন গাড়ীত আছিল পুটিনৰ৷ উক্ত গাড়ীখন আছিল লিমুজিন। গাড়ীখনত জুই লাগি ক্ষতিগ্ৰস্ত হয় যদিও পুটিন সুৰক্ষিত ভাৱে ওলাই আহিবলৈ সক্ষম হয়।
ছেইণ্ট পিটাৰ্ছবাৰ্গৰ কেইবাজনো ৰাজনীতিবিদে পুটিনৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগত গোচৰ তৰাৰ দাবী জনাইছিল। ভুল নীতিৰ বাবেই ৰাছিয়াৰ সেনাই ইউক্ৰেইনত বাৰে বাৰে বিফল হ’ব লগা হৈছে বুলি পুটিনৰ বিৰুদ্ধে অভিযোগ আনে। পশ্চিমীয়া দেশৰ একত্ৰিত নিষেধাজ্ঞাৰ ফলত ৰাছিয়াৰ অৰ্থনীতি থৰক-বৰক হৈ পৰিছে৷