A captivating view of Birds : শ-শ দেশী-বিদেশী পৰিভ্ৰমী চৰাইৰ কলৰৱেৰে মুখৰ জামুগুৰিহাটৰ কন্যকা কৃষিপাম
জামুগুৰিহাট,২মে’ : জামুগুৰিহাটৰ ভৰলীপৰীয়া কণ্যকা বহুমূখী পামৰ পৰ্যটন ক্ষেত্ৰত এইবাৰ নতুনকৈ সংযোজন হৈছে দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ মুক্ত বিচৰণস্থলী হিচাপে ৷ সম্প্ৰতি কন্যকা বহুমূখী কৃষি পাম খনলৈ পৰ্যটকক হাত বাউলি মাতিছে দেশী -বিদেশী পৰিভ্ৰমী পক্ষীয়ে ৷
এতিয়া শ, শ দেশী বিদেশী পক্ষীৰ কাকলিৰে মুখৰিত হৈছে কন্যকা কৃষি পাম ৷ কৃষি পামখনৰ বৃহৎ বৃহৎ পুখুৰীত জলকেলিয়েই নহয় ইয়াৰ শান্ত শিষ্ট পৰিৱেশ তথা মুকলি আকাশত বিচৰণ কৰি আছেহি সাত সাগৰ তেৰ নদী পাৰহৈ অহা বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী৷ অসমৰ Wildlife Guardian ৰ সঞ্চালক তথা পক্ষীবিদ মাচিহ আহমেদ খানে এই কৃষি পামত বিগত এসপ্তাহে চলোৱা গৱেষণাত এই তথ্য পোহৰলৈ আহিছে ৷ তেওঁৰ কেমেৰাৰ লেঞ্চত ধৰা দিছে চোৱাম্প ফ্ৰেকলিং,গ্ৰে হেৰণ,গ্ৰে হেডেত ফিচ ঈগল,বেংগল বুচলাৰ্ক,ঠিগ ব্ৰিল্ট ওৱাবলাৰ,চিক-ৰা,পাইড হেৰিয়াৰ,ইণ্ডিয়ান স্পট,বিল্ট ডাককে ধৰি বিভিন্ন প্ৰজাতিৰ দেশী বিদেশী পৰিভ্ৰমী চৰাই (A captivating view of Birds )৷
পক্ষীবিদ মাচিহ আহমেদ খানৰ মন্তৱ্য-যি বোৰ চৰাই পৰিদৰ্শনৰ বাৱে দেশী-বিদেশী পৰ্যটক কাজিৰঙা,মানাহলৈ আহে-সেইবোৰ চৰাই এতিয়া তেনেই সাধাৰণ অৱস্থাত প্ৰত্যক্ষ কৰিব পাৰি ভৰলীপৰীয়া কণ্যকা বহুমুখী কৃষি পামত ৷ কেইবাখনো দেশৰ দূস্প্ৰাপ্য চৰাই এতিয়া দেখা পোৱা যায় এই কন্যকা কৃষিপামৰ বক্ষত৷ কন্যকা কৃষিপামত দৃষ্টিনন্দন পৰিৱেশ সৃষ্টি কৰা এই আলহী পক্ষী সমুহক মুক্ত বিচৰণৰ অধিক সুবিধা প্ৰদান কৰিবলৈ কন্যকা কতৃপক্ষৰ প্ৰতি আহ্বান পক্ষীবিদ মাচিহ আহমেদ খানৰ(A captivating view of Birds ) ৷