Local, Vocal, Global

এক নৃশংস হত্যাকাণ্ড, ডাইনী সন্দেহত মহিলাক হত্যা

নিউজ ডেস্ক, ৯ মে’- অন্ধবিশ্বাসৰ ফলত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অন্তৰ্গত গুমা বনাঞ্চল এলেকাৰ সত্যপুৰৰ মোহনপুৰ গাঁৱত । ডাইনী সন্দেহত এগৰাকী মহিলাক হত্যা। মহিলাগৰাকী মোহনপুৰ গাঁৱৰ ভান টুডুৰ পত্নী অঞ্জলী মূৰ্মু (৪৫) বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত তথ্য মতে, যোৱা ৭ মে’ত সন্ধীয়া গাঁওখনৰে বাসিন্দা ক্ৰমে সুনিল মাৰ্ডী(১৬), হোপনা হেমব্ৰম (১৬), ৰবিনছন কিস্কু (৩০) আৰু ছাকেল হেমব্ৰমে(৩০)-এ মহিলাগৰাকীক শুকুৰবাৰে নিশা ঘৰৰ পৰা ডাইনী সন্দেহত বলপূৰ্বক ভাবে উঠাই লৈ যায় ৷ লগে লগে মহিলাগৰাকীৰ স্বামীয়ে ঘটনা সন্দৰ্ভত স্থানীয় গাঁওবুঢ়াক অৱগত কৰে আৰু গাঁওবুঢ়াই তাৎক্ষণিক ভাবে গোসাইগাঁও আৰক্ষীক খবৰ দিয়ে ৷

খবৰ পাই আৰক্ষীয়ে মহিলা গৰাকীৰ সন্ধানত অভিযান চলাই থকাৰ সময়তে গাঁওবাসীয়ে হত্যাকাৰী তিনি যুৱক সুনিল মাৰ্ডী, হোপনা হেমব্ৰম আৰু ৰবিনছন কিস্কুক আটক কৰি আৰক্ষীক গতাই দিয়ে।

আৰক্ষীৰ জেৰাত ধৃত যুৱক কেইজনে স্বীকাৰ কৰে যে মহিলা গৰাকীক ডাইনী সন্দেহত হত্যা কৰি গাঁওখনৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলগত হাবিৰ মাজত গছত ওলমাই থৈছে।

সেইমতে আজি পুৱা আৰক্ষীয়ে মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি গোসাইগাঁও থানালৈ লৈ আহে৷ হত্যাকাণ্ডৰ মূল নায়ক ছাকেল হেমব্ৰম পলাতক অৱস্থাত আছে ৷