Local, Vocal, Global

সচাঁই বয়স মাথো এটা সংখ্যাহে,এই কথা প্ৰমান এগৰাকী ৭৫ বছৰীয়া মহিলাৰ

ডিজিটেল ডেস্ক:-এগৰাকী ৭৫ বছৰীয়া মহিলা হাজাৰ হাজাৰ যুৱক-যুৱতীৰ অনুপ্ৰেৰণা ৷ বয়স ৰেখা বাধা হ’ব নোৱাৰে কোনো কামত৷
শৰীৰিৰ চৰ্চাত যুৱক-যুৱতী সকলৰ সৈতে ফেৰ মাৰিব পৰা এগৰাকী ৭৫ বছৰীয়া মহিলা৷
এই গৰাকী মহিলাৰ কঠোৰ ব্যায়াম আৰু পৰিশ্ৰমে হয়তো আপুনাকো আচম্বিত কৰি তুলিব পাৰে৷ এই মহিলা গৰাকীৰ নাম হৈছে লৰেন ব্ৰুজোন এই মহিলাগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা৷
আমি অধিক সংখ্যাক লোকেই জিমলৈ যোৱা আৰু স্বাস্থ্যকৰ জীৱনশৈলী অনুসৰণ কৰাৰ ক্ষেত্ৰত বহু অজুহাত প্ৰস্তুত কৰো। কিন্তু এই ৭৫ বছৰীয়া মহিলাগৰাকীয়ে ব্যায়াম কৰাটো তেওঁৰ জীৱনৰ এক সুখৰ পথ হিচাপে বাছি লৈছে। লৰেন ব্ৰুজোন নামৰ এই মহিলাগৰাকী এগৰাকী ফিটনেছ উৎসাহীৰ লগতে ফিটনেছ প্ৰশিক্ষক বুলিও জানিব পৰা গৈছে৷ ইনষ্টাগ্ৰামত বৰ্তমান লৰেন ব্ৰুজোন অধিক জনপ্ৰিয় হৈ পৰিছে।” বল বা ডাম্বেলৰ দৰে বিভিন্ন পৃষ্ঠত নিজকে ভাৰসাম্য ৰাখি পুছ-আপ কৰাৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ ডাম্বেল প্লেট ব্যৱহাৰ কৰি অতি সহজে শাৰীৰিক ব্যায়ম কৰে লৰেনে, এই মহিলাগৰাকী এগৰাকী অভিজ্ঞ জিম গ’য়াৰ বুলি কলেও ভুল নহয়৷
এদিন আগতে পোষ্ট কৰা লৰেনৰ এই ভিডিঅ ক্লিপটো বৰ্তমান , সামাজিক মাধ্যমত অত্যাধিক জনপ্ৰিয়তা লাভ কৰিছে৷
লৰেনে প্ৰমাণ কৰি দেখুৱালে যে কোনো কাৰণতে বয়স অজুহাত হ’ব নোৱাৰে মানুহৰ মনত আত্মবিশ্বাস থাকিলে মানুহে যিকোনো কামেই সম্ভৱ কৰি তুলিব পাৰে৷ এই ভিডিঅটোৱে হয়টো আপুনাৰো মনত অনুপ্ৰেৰণা যুগাব পাৰে আৰু জীৱনত সকলো প্ৰত্যাহবান নেওচি নিজক প্ৰতিষ্ঠাপিত কৰিবৰ সাহস প্ৰদান কৰিব৷