এটা ৪ মহীয়া কেঁচুৱা, আৰু এগৰাকী ড্ৰাগছ আসক্ত মহিলা
নিউজ ডেস্ক, ১৪ ছেপ্তেম্বৰ : দিনক দিনে বৃদ্ধি পাই আহিছে মহিলা সৰবৰাহৰ লগতে শিশু সৰবৰাহৰ ঘটনা। তাৰ লগে লগে সক্ৰিয় হৈ পৰিছে আৰক্ষী তথা প্ৰশাসন।
মংগলবাৰে, অৰুণাচল প্ৰদেশৰ ইটানগৰত শিশু সৰবৰাহত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এগৰাকী মহিলা।
ইটানগৰ কেপিটেল পুলিচে চাইল্ডলাইন চাৰ্ভিচৰ সহায়ত মহিলাগৰাকীক আটক কৰাৰ লগতে মহিলাগৰাকীৰ কৱলৰ পৰা এটা ৪ মাহৰ কেঁচুৱাও উদ্ধাৰ কৰে।
উল্লেখ্য ড্ৰাগছ সৰবৰাহকাৰী অনু ৱাংছা (Anu Wangsa) বুলি চিনাক্ত কৰা অভিযুক্ত মহিলাগৰাকীক ২০২১ চনত ড্ৰাগছ ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।
ইফালে, ভাৰতীয় দণ্ডবিধিৰ ৩৭০(৩), ৩৪ ধাৰা আৰু পি এছ ইটানগৰত কিশোৰ ন্যায় আইনৰ ৮০/৮১ ধাৰাৰ অধীনত মহিলা গৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।
আৰক্ষীয়ে জনায় যে, “অভিযুক্তগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ আৰু শিশুটোক উদ্ধাৰ কৰিবলৈ এটা বিশেষ দল গঠন কৰা হৈছিল। চাইল্ডলাইনৰ সৈতে আৰক্ষীৰ দলটোৱে সোনকালেই বাদল নাটুঙৰ ঘৰৰ পৰা সৰবৰাহ কৰা শিশুটোক উদ্ধাৰ কৰিছিল। এগৰাকী অভিযুক্ত অনু ৱাংছাক ইটানগৰৰ চিম্পু টিনালীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে”।
পিছত, শিশুটোক চিলি কল্যাণ সমিতিৰ (CWC) সন্মুখত হাজিৰ কৰোৱা হৈছিল আৰু তে নিৰ্দেশত, শিশুটোক সুৰক্ষিত জিম্মাৰ বাবে ওজেইউ কল্যাণ সংস্থাক গতাই দিয়া হৈছিল।
আৰক্ষীয়ে কৈছিল যে “১১ ছেপ্টেম্বৰত শিশু সৰবৰাহৰ ঘটনাসন্দৰ্ভত এগৰাকী মহিলা ড্ৰাগ আসক্তৰ পৰা এটা তথ্য প্ৰাপ্ত হৈছিল। তাৰ পিছত চাইল্ডলাইন ইটানগৰক অৱগত কৰা হৈছিল আৰু তেওঁলোকে ইটানগৰ আৰক্ষী থানাত এটা অভিযোগ দিছিল। অভিযোগ অনুসৰি, এগৰাকী মাতৃয়ে ৪৭ বছৰীয়া এজন বাদল নাটুঙৰ (Badal Natung) পৰা কিছু টকা ধাৰ লৈছিল, যি চেইজোছাৰ ( Seijosa) বাসিন্দা আছিল। যেতিয়া মহিলাগৰাকী টকা ঘূৰাই দিয়াত বিফল হৈছিল, অভিযুক্তজনে তাই গৰ্ভৱতী বুলি জনাৰ পিছত, তাইক জন্মৰ পিছত কেঁচুৱাটো তাক দিবলৈ দম দিছিল । অভিযুক্তজনে অনু ৱাংছাৰ সৈতে মহিলাগৰীকীক ড্ৰাগছ আৰু অতিৰিক্ত ধন দিছিল। আৰু কেঁচুৱাটো প্ৰসৱৰ পিছত, তেওঁলোকে কেঁচুৱাটোক তাইৰ পৰা লৈ গৈছিল। মহিলাগৰাকীয়ে ভয়ৰ বাবে অভিযুক্তজনক অস্বীকাৰ কৰা নাছিল,”।