Local, Vocal, Global

ম’বাইলত গেম খেলাৰ বাবেই হত্যাৰ বলি হ’ল এগৰাকী ১৩ বছৰীয়া কিশোৰ

ডিজিটেল ডেস্ক:-এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে কাছাৰ জিলাত ।ম’বাইলত গেম খেলাৰ বাবেই হত্যাৰ বলি হ’ল এগৰাকী ১৩ বছৰীয়া কিশোৰ৷ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কাছাৰৰ বৰখলা বিধানসভাৰ জাৰইলতলাইত সংঘটিত হৈছে এই ভয়ংক ঘটনাটো৷মৃত কিশোৰজন ১৩ বছৰীয়া পান্না নাথ বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতে, প্ৰতিবেশীৰ ঘৰত বহি গেম খেলি আছিল পান্না নাথে৷সেই সময়ত কিশোৰটিক গেম খেলাত বাধা প্ৰদান কৰিছিল দীপক নাথ নামৰ এজন লোকে৷ঘটনাক লৈ দুয়োৰে মাজত সৃষ্টি হয় তৰ্ক যাৰ ফলত পৰিস্থিতি অধিক অৱনতি ঘটিছিল ৷তাৰ পিছতে কিশোৰজনক প্ৰচণ্ড মাৰপিট কৰাৰ অভিযোগ কৰে পৰিয়ালৰ লোকে।পান্নাৰ মাক ঘটনাস্থলীত উপস্থিত হয় আৰু মাতৃয়ে আহত কিশোৰজন ততাতৈয়াকৈ শিলচৰ মেডিকেল কলেজলৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে কিশোৰজনক৷মৃতকৰ পিতৃয়ে দীপক নাথৰ বিৰুদ্ধে তেওঁৰ সন্তানক হত্যা কৰাৰ অভিযোগত বৰখলা আৰক্ষী থানাত অভিযোগ দাখিল কৰে।আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।ঘটনাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত৷