Assam | Jamugurihat news: ৰঙাপৰা মহাবিদ্যালয়ৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

জামুগুৰিহাট: শোনিতপুৰৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ৰ (স্বায়িত্বশাসিত) আজি (শণিবাৰে) পালন কৰা হয় ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস। মহাবিদ্যালয় খনৰ এই প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডা° ৰণোজ পেগুৱে।
শিক্ষামন্ত্ৰী গৰাকীয়ে ১০৫ বিঘাৰ এক বিশাল ভূমিত সেউজীয়া পৰিৱেশৰ মাজত থকা ৰঙাপৰা মহাবিদ্যালয়খন পৰিদৰ্শন কৰে। তাৰ পাছতে অসম চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ পুঁজিৰে নিৰ্মাণ হ’বলগীয়া ৰঙাপৰা মহাবিদ্যালয় খনৰ ‘জনজাতি ছাত্ৰী নিৱাস’ৰ ভূমি পূঁজন কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে। ৰঙাপৰা মহাবিদ্যালয়ত থকা পৰীক্ষা নিয়ন্ত্ৰণ কাৰ্যালয়টো শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৱে শুভ উদ্বোধন কৰে।
উক্ত কাৰ্যসূচীত ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড°ৰঞ্জন কলিতা, ৰঙাপৰাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বাণেশ্বৰ তালুকদাৰ, শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাস কে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।মহাবিদ্যালয় খনৰ মাকাৰ্চ বাডিং প্ৰেক্ষাগৃহ তথা বহুমুখী কেন্দ্ৰত অনুষ্ঠিত হোৱা মুকলি সভাত শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে – শিক্ষাৰ মূল উদ্দেশ্য কেৱল চাকৰি নহয়। শিক্ষাৰ উদ্দেশ্য হল সমাজখনক আগুৱাই নিয়া।
ৰাজ্যত টিউটৰসকলৰ একাংশই ভুৱা প্ৰমাণ পত্ৰ দি শিক্ষকৰ নিযুক্তি লাভ কৰাৰ সন্দৰ্ভত সোধা এক প্ৰশ্নোত্তৰত শিক্ষামন্ত্ৰী গৰাকীয়ে কয়- অসমত ভুৱা চাৰ্টিফিকেট বনোৱা সকলো কাৰখানা অতি সোনকালে বন্ধ কৰা হব। এই কাৰখানাৰ লগত জড়িত লোকসকলৰ ওপৰত ইতিমধ্যেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷
গোচৰ সমূহ CID লৈ হস্তান্তৰ কৰা হৈছে৷ কাহিলিপাৰত এজন জ্যোতিষিয়ে হতো চাই আৰু ভূৱা প্ৰমানপত্ৰ বনাই আহিছিল৷প্ৰমানপত্ৰ বোৰৰ পৰীক্ষা চলাই থকা হৈছে আৰু এই ক্ষেত্ৰত কোনো সাৰি নাযাব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শিক্ষা মন্ত্ৰী গৰাকীয়ে৷
লগতে পড়ক: Assam | Daboka news: ডবকাত কান্সিবজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা