Watch | Nalbari news: মুকালমুৱাত অবৈধ নিষিদ্ধ মাংসসহ আটক তিনিজনক

নলবাৰী : নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত ‘লাউপাৰা’ গাঁওত গো- মাংসসহ তিনিজন ব্যক্তিক আতক কৰে স্থানীয় ৰাইজে । স্থানীয় ৰাইজে জনোৱা মতে ‘লাউপাৰা গাঁওৰ ওচৰৰে ৪ নং ভেলামাৰীৰ নিৱাসী ‘লক্ষ্মন আলী’ নামৰ লোকজনে বহুত আগৰে পৰা অবৈধভাৱে গো- মাংসৰ ব্যৱসায় কৰি আহিছে। আজি ৰাতিপুৱা ৪:৩০ মান বজাত তিনিজন লোক ক্ৰমে (১)জাফৰ ইকবাল (গাঁও –১ নং কান্ধবাৰী (২)মেছেৰ আলী (গাঁও–৩ নং ভেলামাৰী )(৩)লোকমান আলীয়ে ।
লক্ষ্মন আলীৰ ঘৰৰ পৰা প্ৰায় ৫ কিলোগ্ৰাম গো- মাংস লৈ আহি থকা অৱস্থাত ‘লাউপাৰা ‘ গাঁওৰ স্থানীয় ৰাইজে ‘শিৱ মন্দিৰৰ ‘ সন্মুখত কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে । ইয়াৰ উপৰিও , আজিৰ পৰা কেইদিনমান আগত কোনো অচিনাক্ত ব্যক্তিয়ে মন্দিৰৰ সন্মুখৰ লগতে, অঞ্চলটোৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ সন্মুখত গো- মাংস পেলাই থৈ যায় । আৰক্ষীৰ উমান পায় বহুদিন ধৰি অবৈধ গো- মাংসৰ ব্যৱসায় চলাই থকা ‘লক্ষ্মন আলী’ নামৰ লোকজনে পলায়ন কৰে । গতিকে, অতিশীঘ্ৰে ‘লক্ষ্মন আলীক’ কৰায়ত্ত কৰি উচিত শাস্তি দি অঞ্চলটোৰ ৰাইজক সুৰক্ষিত কৰাৰ বাবে আহ্বান জনায়।
লগতে পঢ়ক: Watch | Independence day, jorhat : স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে কৃষি ও আৱকাৰী মন্ত্ৰী অতুল বৰাই