Watch | Teok news: টীয়কৰ লাহদৈগড়ত ড্ৰাগছ বেহাত জড়িত চাৰি সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্ত যুৱকক আটক
টীয়ক: টীয়কৰ লাহদৈগড়ত ড্ৰাগছ বেহাত জড়িত দুটা সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্ত দুই যুৱক সহ চাৰিজন গ্ৰেপ্তাৰ। লাহদৈগড় হোলোঙাপাৰত গাঁৱত আজি বিয়লি স্থানীয় লোকে ড্ৰাগছ সহ কৌশলেৰে কৰায়ত্ত কৰে চাদ্দাম হুছেইন আৰু নাজু খান নামৰ দুটা মিঞাৰ লগতে দীপাংকৰ চাংমাই আৰু বিজয় ভূঞা নামৰ দুই ড্ৰাগছ আসক্ত যুৱকক। চাৰিওটাকে আৰক্ষীক গতাই দিছে ৰাইজে। আৰক্ষীয়ে ইতিমধ্যে সোধাপোছা আৰম্ভ কৰিছে।
লগতে পঢ়ক: Watch | Nagaon news:নগাঁও এপেক্স বেংকৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন