Local, Vocal, Global

Watch | Barpeta news : তাৰাবাৰী আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী সহ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ

বৰপেটা : বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে নিচাজাতীয় টেবলেটসহ এটা ড্ৰাগছ ব্যৱসায়ী। ধৃত ড্ৰাগছ ব্যৱসায়ীটো সৰ্থেবাৰী থানাৰ অন্তৰ্গত গৰেমাৰী গাঁৱৰ মইনাল হক বুলি জানিব পৰা গৈছে।

মংগলবাৰে সন্ধিয়া গোপন খবৰৰ ভিত্তিত তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ৰ নেতৃত্বত বালাৰটাৰীত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ আটক কৰে মইনাল হকক। মইনাল হকৰ পৰা ১৮০ টা নিচাজাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে। ধৃত মইনাল হকৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: Watch | Mushalpur BPF Meeting :ইউপিপিএল দলৰ পৰা বিপিএফ দলত যোগদান একাংশৰ