Assam | Moirabari news:মৈৰাবাৰী কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত নামভর্তি সম্পর্কীয় সজাগতা সভা

মৈৰাবাৰী : মৈৰাবাৰী মহাবিদ্যালয়ত আজি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় সন্দৰ্ভত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। নামভর্তি,পাঠ্যক্ৰম আৰু অন্যান্য দিশ সম্পর্কীয় সজাগতা সভাখন মৈৰাবাৰী মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কৰা হয়।
চলিত বৰ্ষৰ নামভর্তি শীর্ষক সজাগতামূলক সভাখনত সভাপতিত্ব কৰে মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৽ ৰিয়াজুল হকে । আনহাতে সভাখন অনুষ্ঠিত কৰাত আগভাগ লয় কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ব বিদ্যালয়ৰ মৈৰাবাৰী মহাবিদ্যালয় শাখাৰ সমন্বয়ক তথা হিন্দী বিভাগৰ মুৰব্বী অধ্যাপক আজাদ চেলিমে।
সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰাগ দত্ত,আৰু মৃণাল জ্যোতি গোস্বামী। লগতে অন্যান্য অধ্যাপক সকল ক্ৰমে: ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক ময়নুল হক খান, বুৰঞ্জী বিভাগৰ অধ্যাপক তাইজুদ্দিন আহমেদ, ইংৰাজী বিভাগৰ অধ্যাপক ছফিকুল ইছলামকে আদি কৰি অন্যান্য অধ্যাপক ও ছাত্ৰ ছাত্ৰী সকল। সভাত বিশ্ববিদ্যালয়ৰ নতুন নামভর্তি আৰু শিক্ষার্থীসকলৰকৰণীয় সন্দৰ্ভত বিতংকৈ আলোচনা কৰে আমন্ত্ৰিত অতিথি সকলে।