Local, Vocal, Global

Assam | Dhing news: মাৰ্কাজ একাডেমী ডুমডুমীয়া ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত নৱাগত আদৰণি ও সম্বৰ্ধনা অনুষ্ঠান

ধিঙ:নগাঁও জিলাৰ ডুমডুমীয়া স্থিত এক আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান হৈছে মাৰ্কাজ একাডেমী ডুমডুমীয়া ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। শিক্ষানুষ্ঠানৰ পৰা চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা মেধাৱী ছাত্ৰ- ছাত্ৰী সকলক আজি বিদ্যালয়ৰ তৰফৰ পৰা ফুলাম গামোচা, জাপি,সম্বৰ্ধনা পত্ৰ আৰু কিতাপৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বিশিষ্ট সমাজসেৱক তথা যুৱ নেতা মনোৱাৰ হুছেইন ফাৰুকী মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যেৰে শিক্ষামূলক ভাষণ প্ৰদান কৰে। আজিৰ এই অনুষ্ঠানত অঞ্চলটোৰ কেইবাজনো বিশিষ্ট শিক্ষাবিদ, বিদ্যালয়ৰ শিক্ষকবৃন্দৰ লগতে ছাত্ৰ- ছাত্ৰী উপস্থিত আছিল।

লগতে পঢ়ক:Watch | Chapar news:ছাত্ৰীক নামভৰ্তিৰ নামত ধুবুৰী জিলাৰ জৱাহৰ নৱোদয় বিদ্যালয়ে হাৰাশাস্তিৰ অভিযোগ