Local, Vocal, Global

Watch | Chapar news: ছাত্ৰীক নামভৰ্তিৰ নামত ধুবুৰী জিলাৰ জৱাহৰ নৱোদয় বিদ্যালয়ে হাৰাশাস্তিৰ অভিযোগ

চাপৰ: ধুবুৰী জিলাৰ আলগঞ্জত অৱস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ কতৃপক্ষৰ গাফিলতিৰ বাবে মানসিক ভাবে হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হ’ল চাপৰৰ ৬নং ৱাৰ্ডৰ এগৰাকী ছাত্ৰী। জানিব পৰা মতে চাপৰৰ ৬নং ৱাৰ্ডৰ ছাত্ৰী গীতিকা মণ্ডলে জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাচনি পৰীক্ষা অৱতীৰ্ণ হৈছিল।

কিন্তু প্ৰথম অৱস্থাত আসন লাভ নকৰাত পিছলৈ চাপৰৰ এখন চৰকাৰী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীত নামভৰ্তি কৰে। কিন্তু যোৱা ৯ জুলাই তাৰিখে ধুবুৰীৰ আলমগঞ্জস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ ফালৰ পৰা ফোন যোগে জনায় যে ছাত্ৰী গৰাকী আসন লাভ কৰিছে। সেই মৰ্মে অতি কম সময়ৰ ভিতৰত যাৱতীয় নথি পত্ৰ লৈ নৱোদয় বিদ্যালয়লৈ যায়। একমাত্ৰ কন্যা সন্তানজনী নৱোদয় বিদ্যালয়ত আসন লাভ কৰা খৱৰ পাই কেৰেলাত কৰ্মৰত থকা পিতৃ ঘৰলৈ উভতি আহে। চৰকাৰী বিদ্যালয়ৰ পৰা নিজৰ নাম কৰ্তন কৰি পিছলৈ নৱোদয় বিদ্যালয়ত নামভৰ্তি কৰে।

হঠাৎ পৰিয়ালৰ লোকক একো কাৰণ নজোনোৱাকৈ ছাত্ৰী গৰাকীক ঘৰলৈ পঠিয়াই দি তাইৰ নাম নৱদয় বিদ্যালয়ৰ পৰা কৰ্তন কৰে বুলি জানিবলৈ দিয়ে। উক্ত ঘটনাই পৰিয়ালটোৰ লগতে ছাত্ৰী গৰাকী মানসিকভাবে ভাঙি পৰে। বিদ্যালয়ৰখনৰ এনে কৰ্মকাণ্ডই দুখীয়া পৰিয়ালটোক আৰ্থিক আৰু মানসিকভাবে ক্ষতিগ্ৰস্ত কৰে। উক্ত ঘটনাৰ উচিত তদন্ত বিচাৰি পৰিয়ালটোৱে মুখ্যমন্ত্ৰীৰ লগতে ধুবুৰী জিলা প্ৰশাসনলৈ কাতৰ অনুৰোধ জনায়।

লগতে পঢ়ক: Watch | Dudhnoi news:শাওনৰ অন্তিমটো সোমবাৰত নন্দেশ্বৰপীঠটো ভক্তৰ লানি নিচিগা ভিৰ