Local, Vocal, Global

Watch | Sootea news: চতিয়াত পঞ্চায়ত কাৰ্যালয় নিৰ্মাণৰ স্থানকলৈ বিৰ্তক

চতিয়া: বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত চতিয়াৰ নৱগঠিত ঘিলাধাৰীমুখ গাওঁ পঞ্চায়তৰ কাৰ্যালয় নিৰ্মাণৰস্থানকলৈ দুটা ফৈদৰ মাজত সৃষ্টি হৈছে বিৰ্তক। নৱগঠিত ঘিলাধাৰীমুখ গাওঁ পঞ্চায়তৰ ৰাইজৰ সিদ্ধান্ত অনুসৰি পঞ্চায়তৰ মধ্যম স্থান ২ নং আধাভেটিত স্থান ঠিক কৰি বিশ্বনাথ জিলাৰ তদানীন্তন আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাতেৰ নিৰ্দেশ মতেই প্ৰায় ৫ লাখ টকা ব্যয় কৰি ভেটি তৈয়াৰ কৰা হ’ল কিন্তু বিশ্বনাথৰ নৱ নিযুক্ত আয়ুক্তয়ে পঞ্চায়ত কাৰ্যালয় নিৰ্মাণৰ কাম স্থগিত ৰখাৰ নিৰ্দেশ দিয়াত পঞ্চায়ত খনৰ ৰাইজে মানি ল’ব বিচৰা নাই এই নিৰ্দেশ।

জিলা আয়ুক্তৰ নিৰ্দেশনাৰ পাছতে আজি পঞ্চায়ত খনৰ কাৰ্যালয় নিৰ্মাণৰ স্থানতেই এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। অৱসৰপ্ৰাপ্ত শিক্ষক শিৱ দাহালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাই পুৰ্বে নিদ্ধাৰিত স্থানতেই পঞ্চায়ত কাৰ্যালয় নিৰ্মাণৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

ৰাজহুৱা সভাত পঞ্চায়তৰ তিনি গৰাকী সদস্যয়ে পঞ্চায়ত খনৰ নিৰ্বাচিত সভাপতি বুৰহান আলিৰ বিৰুদ্ধাচৰণ কৰিয়েই জিলা আয়ুক্তক এই স্থানৰ বিপৰীতে ঘিলাধাৰীমুখত হ’ব লাগে বুলি জিলা আয়ুক্তক অভিযোগ দাখিল কৰিছিল। ৰাজহুৱা সভাত এই তিনি গৰাকী সদস্যৰ এই কাৰ্যক গৰিহণা দি প্ৰস্তাৱ গ্ৰহণ কৰি দাবী উত্থাপন কৰে পঞ্চায়তৰ সৰ্বাধিক জনসংখ্যা থকা আৰু মধ্যম স্থানতেই কাৰ্যালয় নিৰ্মাণ কৰিব লাগিব।

লগতে পঢ়ক: Watch | Rowta AJYCP leader UPPL joining: AJYCP ৰ প্রাক্তন সভাপতি লক্ষ্যজ্যোতি ডেকাৰ UPPL ত যোগদান