Local, Vocal, Global

Watch | Rangia news: ৰঙিয়াত বিশিষ্ট সাংবাদিক প্ৰয়াত বলেন কলিতাৰ স্মৃতিচাৰণ সভা

ৰঙিয়া : ৰঙিয়া প্ৰেছ ক্লাবৰ সভাকক্ষত অনুষ্ঠিত সভাখন সঞ্চালনা কৰে কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰকাশ ডেকাই । কামৰূপ জিলা সাংবাদিক সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক ৰাতুল ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত প্ৰয়াত বলেন কলিতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধিয়ে।প্ৰয়াত বলেন কলিতাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে বলেন কলিতাৰ সহধৰ্মিনী পাৰ্বতী কলিতাই ।

সভাত কামৰূপ জিলা সাংবাদিক সন্থাৰ উপদেষ্টা পৰেশ বৈশ্য ই ভাষণত সুকৰ্মই মানুহক মৃত্যুৰ পিছতো জীয়াই ৰাখে বুলি কৈ বলেন কলিতা তেনে এজন ব্যক্তি আছিল বুলি মন্তব্য কৰে।অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধি, বিশিষ্ট সমাজকৰ্মী পবিত্ৰ কলিতা ,লেখিকা সমাৰোহৰ দীপালী ডেকা , সাহিত্য কৰ্মী উজ্বল ডেকা , হেমন্ত কলিতা , প্ৰয়াত বলেন কলিতাৰ কন্যা বিনীতা কলিতা ,পুত্ৰ যূগল কলিতা , যুৱসমাজকৰ্মী মজিবুদ‌্দিন আহমেদ ,সাংবাদিক ধীৰাজ দাস , তৰণীচৰণ কলিতা, হিতেশ কলিতাকে ধৰি কেইবাজনো বক্তাই বলেন কলিতাৰ স্মৃতিচাৰণ কৰে।কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰকাশ ডেকাই বিশিষ্ট সাংবাদিক প্ৰয়াত বলেন কলিতাৰ আদৰ্শই নৱ প্ৰজন্মক উদ্বুদ্ধ কৰিব বুলি মন্তব্য কৰে ।

ৰঙিয়া প্ৰেছ ক্লাৱৰ সম্পাদক ফাৰুক হুছেইনে শলাগৰ শৰাই আগবঢ়োৱা সভাখনত কামৰূপ জিলাৰ অন্তৰ্গত মিৰ্জা , পলাশবাৰী ,ছয়গাঁও , বাইহাটা চাৰিআলি , কমলপুৰ ,চাংসাৰি,আমিনগাওকে ধৰি বিভিন্ন স্থানৰ অৰ্দ্ধ শতাধিক সাংবাদিকে প্ৰয়াত বলেন কলিতাৰ প্ৰতি শ্ৰ্দ্ধা নিবেদন কৰে।

লগতে পঢ়ক: Watch | Galakey news:বৃহত্তৰ গেলেকী সুৰক্ষা মঞ্চৰ বান সাহাৰ্য প্ৰদান