Local, Vocal, Global

Watch | Galakey news: বৃহত্তৰ গেলেকী সুৰক্ষা মঞ্চৰ বান সাহাৰ্য প্ৰদান

গেলেকী: বৃহত্তৰ গেলেকী সুৰক্ষা মঞ্চৰ উদ্যোগত আৰু স্থানীয় ইটা ভাটা মালিক সন্থাৰ সহযোগত গেলেকীৰ ভিতৰুৱা বানত বেছিকৈ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ।

উল্লেখযোগ্য যে বিগত কেইবাবছৰো ধৰি বৃহত্তৰ গেলেকীৰ অঞ্চলৰ ভালেকেইটা অঞ্চল প্ৰায় গোটেই বছৰটো জলমগ্ন হৈ থাকে । যাৰ বাবে বিভিন্ন সমস্যাত পৰি আহিছে এই অঞ্চলত বসবাস কৰি অহা সাধাৰণ খাতি খোৱা ৰাইজ । আজি এই অঞ্চলত বসবাস কৰা অতি দৰিদ্ৰ পৰিয়াল কেইটামানৰ কাষত কিছু খাদ্য সামগ্ৰী লৈ উপস্থিত হয় বৃহত্তৰ গেলেকী সুৰক্ষা মঞ্চৰ প্ৰতিনিধি ।

অনাগত সময়ত গেলেকীৰ অঞ্চলৰ প্ৰতিটো সমস্যা সমাধানৰ ক্ষেত্ৰত স্থানীয় দল সংগঠনৰ লগ হৈ উমৈহতীয়া ভাৱে সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনালে মঞ্চৰ বিষয়ববীয়া সকলে ।

লগতে পঢ়ক: Watch | Nagarbera news:বৰপেটাৰ মাজৰচৰ গাঁৱত নিশা চাঞ্চল্য