Local, Vocal, Global

Watch | Burglary in Barpeta town: বৰপেটা চহৰত পুনৰ চুৰৰ তাণ্ডৱ

বৰপেটা: বৰপেটা চহৰৰ বৃন্দাবন হাটীৰ বিদ্যুৎ দাসৰ ঘৰৰ দৰ্জা ভাঙি নগদ ডেৰ লাখ টকা আৰু গহনা নিলে চুৰে। বৰপেটা চহৰত ক্ৰমাৎ বৃদ্ধি চুৰৰ অতপালি। চহৰ বাসীৰ নিদ্ৰা হৰন কৰিছে চোৰে। কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত বৰপেটা আৰক্ষী প্ৰশাসন।

আৰক্ষীৰ নিস্ক্ৰিয় ভূমিকাৰ পূৰ্ণ সুযোগ গ্ৰহণ চুৰৰ। এইবাৰ বৰপেটা চহৰৰ মাজমজিয়াত চুৰে ঘৰত কোনো নথকাৰ সুযোগত গৃহস্থৰ ঘৰৰ পৰা লুতি নিলে নগদ ডেৰ লক্ষাধিক টকা, সোণৰ আঙুঠি, চেইন আৰু কাঁহৰ বাচন-বৰ্তন। এই ঘটনা সংঘটিত হৈছে বৰপেটা চহৰৰ বৃন্দাবন হাটিৰ বিদ্যুৎ দাসৰ ঘৰত। বিদ্যুৎ দাসৰ পৰিয়াল নতুনকৈ মেটুৱাকুছিত থকাৰ সূত্ৰে বৃন্দাবন হাটিৰ ঘৰখনত কোনেও নাথাকে।ইয়াৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰি চুৰে ঘৰৰ পিছপিনৰ দৰ্জাৰে প্ৰৱেশ কৰি ঘৰত চলায় চুৰিকাৰ্য। বৰপেটা চহৰত সঘনাই হৈ থকা চুৰি কাৰ্যক লৈ এতিয়া নিৰাপত্তাহীনতাত ভুগিছে স্থানীয় ৰাইজৰ লগতে ভুক্তভোগী পৰিয়াল।