Local, Vocal, Global

Watch | Jamugurihat news: একে নিশাই পাঁচখনকৈ দোকানত চোৰৰ লুটপাত

জামুগুৰিহাট: ৰঙাপৰাত ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে চুৰিকাণ্ডৰ ঘটনা ৷ দুদিন পুৰ্ৱে দিনদুপৰতে এগৰাকী সাংবাদিক ঘৰত চুৰিকাণ্ড সংঘটিত হোৱাৰ পাছত যোৱা নিশা ৰঙাপৰাত পুণৰ সংঘটিত হয় আন এক চুৰিকাণ্ডৰ ঘটনা ৷ এখন দুখন নহয় একে নিশাই পাঁচখনকৈ দোকানত চোৰে চলালে লুটপাত ৷

ৰঙাপৰা আৰক্ষী থানাৰ পৰা ১০০ মিটাৰ দূৰত্বত সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা ৷ নিশা হোৱা মূষধাৰ বৰষুনৰ সুযোগ গ্ৰহন কৰি চোৰৰ দলে ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখৰ এখন মোবাইল, দুখনকৈ চাহ দোকান, এখন মেডিকেল ষ্টেৰ, ইউ কো(UCO) বেংক গ্ৰাহক সেৱা কেন্দ্ৰৰ তলা ভাঙি চোৰ দলে নিলে মবাইল, লেপটপ ,চি চি টিভি কেমেৰাৰ লগতে নগদ ধন ৷ ইতিমধ্যে ভুক্তভোগী দোকানীয়ে ৰঙাপৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা এজাহাৰ ভিত্তিত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Watch | SMSS & KMSS Protest,Chapar: “যদি বাংলাদেশী যদি তেন্তে, কিয় ৫০ হাজাৰৰ চেক প্ৰদান কৰিছে উচ্ছেদিতক”