Watch | Nagaon fraud : নগাঁৱৰ পৰা পলাল ব্যৱসায়ত বিনিয়োগ কৰাৰ নামত টকা আত্মসাৎ কৰা অনিৰ্বাণ দেউৰী
নগাঁও: বিনিয়োগৰ ধন বিচাৰি নগাঁৱৰ কাশ্যপ ফুকনৰ ঘৰত শতাধিক লোক। চি বি আইৰ ক্লীনচীটৰ পিছতেই নগাঁৱৰ পৰা পলাল ব্যৱসায়ত বিনিয়োগ কৰাৰ নামত টকা আত্মসাৎ কৰা অনিৰ্বাণ দেউৰী।প্ৰায় ৪০ কোটী টকা আত্মসাৎ কৰি পলায়ন মৰিগাঁৱৰ অনিৰ্বাণ দেউৰীৰ। ১জুলাইত CBI য়ে ক্লীনচীট দিছিল কাশ্যপ ফুকন আৰু অনিৰ্বাণ দেউৰীক। বিনিয়োগকাৰীৰ ভাষ্যৰ ভিত্তিত ক্লীনচীট দিছিল দুয়োকে। কিন্তু ক্লীনচীট পোৱাৰ পূৰ্বেই নগাঁও এৰি পলায়ন কৰিছিল অনিৰ্বাণ দেউৰীয়ে।
প্ৰায় ৪০ কোটী টকা আত্মসাৎ কৰি পলায়ন মৰিগাঁৱৰ ঢোৰাসাপৰ অনিৰ্বাণ দেউৰীৰ। পিতৃ বুবুল দেউৰী আৰু মাতৃ মুন দেৱীৰো নাই কোনো সন্ধান। ইতিমধ্যে নগাঁও আৰক্ষীৰ ওচৰত গোচৰ তৰিছে কেইবাজনো বিনিয়োগকাৰীয়ে। আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত। শনিবাৰে আৰক্ষীয়ে সোধাপোছাৰ বাবে গুৱাহাটীৰ পৰা আটক কৰে অনিৰ্বাণ দেউৰীৰ প্ৰেয়সীক। দেওবাৰে অনিৰ্বাণ দেউৰীৰ অন্যতম সহযোগী কাশ্যপ ফুকনৰ বাসগৃহত উপস্থিত হয় শতাধিক বিনিয়োগকাৰী। আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰে কাশ্যপ ফুকনক।
লগতে পঢ়ক: Watch | Chapar Eviction : চাপৰৰ উচ্ছেদ অভিযানৰ পৰা বছাই দিয়াৰ নামত দালাৰ ধন সংগ্ৰহ