Local, Vocal, Global

Watch | Jorhat news: কৈৱৰ্ত্ত সমাজক কোনো তুচ্ছ তাচ্ছিল্য মন্তব্য কৰা নাছিল টেকেলাগাঁও বাসী ৰাইজে

যোৰহাট: একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল কৈৱৰ্ত্ত সম্প্ৰদায়ৰ লোকক অপমান কৰা অভিযোগ । কৈৱৰ্ত্ত সম্প্ৰদায়ৰ যুৱতী বিবাহ কৰোৱাই বাবে এঘৰীয়া কৰা নাছিল পৰিয়ালটোক টেকেলাগাঁও বাসীয়ে ।
কালি এখন টেকেলাগাঁও যুৱক সংঘ,সমাজ উন্নয়ন সমিতি নেতৃত্বত হোৱা ৰাজহুৱা সভাৰ যোগেদি এই বিষয়ে স্পটিকৰণ দিয়ে টেকেলাগাঁও বাসীয়ে । টেকেলাগাঁও দীপজ্যেতি নেওগ নামৰ এজন যুৱকে বিয়া কৰোৱাইছিল মায়াশ্ৰী দাস নামৰ এগৰাকী কৈৱৰ্ত্ত সম্প্ৰদায়ৰ যুৱতীক। তাৰ পিছতেই গুৰুতৰ অভিযোগ উত্থাপিত কৰিছিল টেকেলাগাঁও বাসীৰ বিৰুদ্ধে দীপজোতি নেওগে। অৱশেষত ৰাজহুৱা সভাৰ যোগেদি এই বিষয়ে স্পটিকৰণ দিয়ে টেকেলাগাঁও বাসীয়ে ।

লগতে পঢ়ক: Watch | Nalbari news: আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় দি ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ প্ৰকাশ মানিক আলীৰ