Watch | Abhayapuri news : জীৱনৰ বিয়লি বেলাত চৰকাৰী আঁচনিৰ বাবে হাবাথুৰি খাইছে দুজন ককা আইতাই
অভয়াপুৰী: এহাল বৃদ্ধ দম্পতীৰ কাহিনী । জীৱনৰ বিয়লি বেলাত চৰকাৰী আঁচনিৰ বাবে হাবাথুৰি খাইছে দুয়ো। নাই বুলিলে একোৱেই নাই ককা-আইতাৰ । চৰকাৰী আঁচনিৰ বাবে আবেদন কৰি কৰি ভাগৰি পৰিছে বৃদ্ধ দম্পতীহাল।
বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিকটৱৰ্তী চাৰিপুনীয়া গাঁৱৰ এহাল ককা আইতা। খুজি মাগি দুবেলা দুমুঠি খাই নানা অসুবিধাৰ মাজেৰে দিন অতিবাহিত কৰিছে লেঠৰাম ৰায় আৰু তেওঁৰ বিশেষভাৱে সক্ষম
পত্নীয়ে ।বৃদ্ধ দম্পতীহালৰ একমাত্ৰ পুত্ৰই বিয়া পাতি বাস কৰে লক্ষিমপুৰত ।কেইবাবছৰ ধৰি খবৰ নাই একমাত্ৰ পুত্ৰৰ । ভিক্ষা মাগি জীয়াই থকা ককা-আইতাৰ কেৱল এডোখৰ ভেটি মাটি আৰু থাকিবলৈ এটা চৰকাৰী আবাস আছে যদিও সেয়াও সম্পন্ন নহল পাবলগীয়া ধন মোকলাই নিদিয়াৰ বাবে ।
দৰিদ্ৰ পৰিয়ালটো বঞ্চিত হৈছে বহু চৰকাৰী আঁচনিৰ পৰা। বাৰাম্বাৰ কাকুতি মিনতি কৰিও পোৱা নাই সুফল। বৃদ্ধ দম্পতী হাল বঞ্চিত চৰকাৰী অন্ন, বৃদ্ধ পেঞ্চন, অৰুণোদয় আচনিৰ পৰা। নাই বিদুৎ সংযোগ, নাই শৌচালয়, নাই বিশুদ্ধ খোৱা পানী। পঞ্চায়ত দীৰ্ঘদিনৰপৰা আবেদন কৰি কৰি ভাগৰি পৰিছে অসুখীয়া দম্পতীহালে। ফলত এক দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছে দুয়ো ।