Local, Vocal, Global

Watch | Dalgaon news: নকল সোনৰ ব্যৱসায়ী সৈতে জড়িত পশ্চিম বংগৰ চাৰিজন নকল সোনৰ ব্যৱসায়ীক আটক খাৰুপেটীয়া আৰক্ষীৰ

দলগাওঁ: ক্ৰমাত বৃদ্ধি পাইছে অপৰাধজনিত কাৰ্যকলাপ । মংগলবাৰে দুৰ্ধৰ্ষ ছাইবাৰ অপৰাধী ছাইদুৰৰ ৰহমানৰ অপৰাধ জনিত কাৰ্য কলাপৰ ঘটনাৰ তথ্য পোহৰলৈ অহাৰ পিছত পুনৰ আজি নকল সোনৰ ব্যৱসায়ীৰে জড়িত
চাৰিজন লোকক খাৰুপেটীয়া আৰক্ষীয়ে আটক কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে লক্ষীমপুৰ বালিকাটাৰ দুটা নকল সোনৰ ব্যৱসায়ী বিল্লাল হুছেইন আৰু নুৰ আলমে কলিকতা পশ্চিম বংগৰ মেদিনীপুৰৰ বাবুচোনা ৰবি দাস আৰু মিলন কুট্টাল নামৰ লোক দুটাৰ সৈতে খাৰুপেটীয়াৰ এখন হোটেলত নকল সোনৰ দৰদাম চলাই থকা অৱস্থাত গোপন সুত্ৰে খবৰ পাই খাৰুপেটীয়া আৰক্ষীয়ে এক অভিযান চলাই আটক কৰে চাৰিও নকল সোনৰ ব্যৱসায়ীক।
খাৰুপেটীয়া আৰক্ষীয়ে অধিক তথ্যৰ বাবে চাৰিওটাকে জেৰা অব্যাহত ৰাখিছে ।

লগকে পঢ়ক : Watch | Dumdumia eviction: ডুমডুমীয়াত নিজে নিজেই আতৰি গৈছে একাংশ অবৈধ বেদখলকাৰী