Local, Vocal, Global

Watch | যোৰহাট দিসৈ নগৰৰ সমিপৰ ভৌগদৈ মাথাউৰি কাষত উদ্ধাৰ অনিমেষ বৰাৰ মৃতদেহ

যোৰহাট: যোৰহাট দিসৈ নগৰৰ সমিপৰ ভৌগদৈ মাথাউৰি কাষত উদ্ধাৰ এটা মৃতদেহ। যোৱা কালি সন্ধ্যা ঘৰৰ পৰা ওলাই আহি সন্ধানহীন হৈ আছিল দিচৌ নগৰৰ অনিমেষ বৰা নামৰ যুৱকগৰাকী। অনিমেষৰ মবাইল ফোনো যোৱা কালিৰ পৰা আছিল বন্ধ। অৱশেষত আজি পুৱা অনিমেষৰ মৃতদেহ হাবিৰ মাজত উদ্ধাৰ হয়।

AS 03 L 9416 নম্বৰ বাহনৰে ঘৰৰ পৰা উলাই অহা যুৱক জনৰ মৃতদেহ টোৰ পৰা আতৰত উক্ত মটৰচাইকেল খনো হাবিৰে ঢাকি ৰাখিছিল হত্যাকাৰীয়ে। এয়া এক হত্যাকাণ্ড বুলি সন্দেহ ৰাইজৰ । যুৱক জনৰ মুখ আৰু মূৰত চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। অনিমেষ এটা প্ৰাইভেট কোম্পানীত কৰ্মৰত হৈ আছিল । হত্যাকাণ্ড সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক : Watch | Jamugurihat elephant news:জামুগুৰিহাটত বনৰীয়া হাতীৰ মুক্ত বিচৰণ