Local, Vocal, Global

Watch | Lumding news: লামডিং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি চালকৰ উত্তাল প্ৰতিবাদ

লামডিং: লামডিং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি চালক সকলৰ উত্তাল প্ৰতিবাদ ৷ যোৱা কিছু দিন ধৰি হাজাৰ হাজাৰ ট্ৰাক চালক আবদ্ধ হৈ আছে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত।
লঙ্কা লামডিং ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথতে এই প্ৰতিবাদ ৷ যাৰ বাবে বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা বাহনসমূহ ৷ দিমহাসাও জিলাত প্ৰবল বৃষ্টিপাতৰ ফলত ভূমিস্ফলন আৰু ফলত ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে ৷
যাৰ বাবে ট্ৰাক চালক সকলৰ খোৱা লোৱাৰ লগতে বহু অসুবিধাৰ সন্মিখন হৈ আছে ৷ চৰকাৰ তথা জিলা প্ৰশাসন কোনো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উত্থাপন কৰে চালক সকলে ৷
ঘটনা স্থলীত লামডিং আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয়।

লগতে পঢ়ক: Watch | Gahpur news: গৰমৰ প্ৰতি লক্ষ্য ৰাখি গৰম বন্ধ দিয়ে কিন্ত অংগণবাড়ী সমূহক নিদিয়ে কিয় ?