Local, Vocal, Global

Watch | Bilasipara Evection: শীঘ্ৰেই বিলাসীপাৰাত চলিৱ অসম ইতিহাসৰ অন্যতম সৰ্ববৃহৎ উচ্ছেদ অভিযান

বিলাসীপাৰা: শীঘ্ৰেই বিলাসীপাৰাত চলিৱ অসম ইতিহাসৰ অন্যতম সৰ্ববৃহৎ উচ্ছেদ অভিযান। সন্তোষপুৰ, চৰুৱাবাখৰা আৰু চিৰাকুটাৰ হাজাৰ পৰিয়াল লৈ জিলা প্ৰশাসনৰ অন্তিম জাননী।

মাইক যোগে ৬ জুলাই লৈ ডেড লাইন বান্ধি দিছে জিলা প্ৰশাসনে। অৱশ্য ভূমিহীন লোকক ধুবুৰী জিলাৰ বয়জেৰ আলগাত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ’ৱ বুলি জাননীত উল্লেখ কৰিছে প্ৰশাসনে।

উচ্ছেদৰ জাননী পোৱাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সন্তোষপুৰ, চিৰাকুটা আৰু চৰুৱাবাখৰা গাঁৱৰ পৰিয়ালৰ মাজত।

উল্লেখ্য যে- তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে উল্লেখিত অঞ্চল সমূহৰ ৫ হাজাৰ বিঘা ভূমি অধিগ্ৰহণ কৰিছে চৰকাৰে। ইতিমধ্যে এই অঞ্চলত দুবাৰকৈ ভূমি পৰ্যবেক্ষণ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এবাৰ এই ভূমি পৰ্যবেক্ষণ কৰিছে আদানী গ্ৰুপৰ পৰিচালক জিৎ আদানীয়ে। ইতিমধ্যে হেজাৰ হেজাৰ আৰক্ষী জোৱান নিয়োগ কৰা হৈছে উক্ত অঞ্চলত।